মানকাচৰঃ বিজেপি দলৰ ৰাজ্যিক সভাপতি আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা সভাপতিৰ নিৰ্দেশ মৰ্মে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানকাচৰ মণ্ডল কাৰ্য্যনিৰ্বাহক সভা শনিবাৰে মানকাচৰৰ কালোঘাটস্থিত মণ্ডল বিজেপি কাৰ্য্যালয়ত অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে দলীয় পতাকা উত্তোলন কৰে মানকাচৰৰ বিজেপি মণ্ডল সভাপতি ফজলে কৰিমে।
বন্তি প্ৰজ্বলন কৰে হাটশিঙিমাৰীৰ মণ্ডল সভাপতি শাহানুৰ আকন্দ ৰেজাই। উক্ত সভাত কেন্দ্ৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনি আৰু পদক্ষেপ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়।
লগতে পঢ়কঃকামৰূপ মহানগৰ জিলাত খােৱা পানীৰ গৃহ সংযােগৰ হস্তান্তৰকৰণ
সভাখনত ছ’চিয়েল মিডিয়া ব্যৱহাৰ আৰু ইয়াৰ প্ৰভাৱ সম্পৰ্কে মৰ্চাৰ সাধাৰণ সম্পাদক ৰহিদুৰ জামানে বক্তব্য আগবঢ়ায়।
ইয়াৰ উপৰিও মণ্ডলৰ সাংগঠনিক দিশ আগন্তুক দলীয় কাৰ্যসূচী সন্দৰ্ভতো সভাত আলোচনা কৰা হয়। সভা খনত দক্ষিণ শালমাৰা জিলা কৃষাণ মৰ্চাৰ সভাপতি আবুল হোছেইন, জিলাখনৰ অন্যান্য পিছ পৰা জাতিৰ মণ্ডল সভাপতি অশোক পাল,ৰাজ্যিক কাৰ্যবাহী সদস্য অজয় পাল, মণ্ডল প্ৰভাৰী, বিজেপি দলৰ সক্ৰিয় কৰ্মী ৰফিয়ল হক,দুলু মিয়া, বিভিন্ন বুথৰ সদস্য সদস্যা উক্ত সভাত উপস্থিত থাকে।
সভাৰ শেষত মণ্ডল সভাপতি ফজলে কৰিমে সাৰুৱা তথা গঠনমূলক বক্তৃতাৰে সভা সমাপ্ত কৰে।