দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰাৰ আমবাৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ।

বস্তাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

বস্তাটো পানীত ওপঙি থকা একাংশ শিশুৱে খেলি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত ফকিৰগঞ্জ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে।

লগতে পঢ়কঃজনিয়াত বেঁকী নদীৰ পৰা মটৰ চাইকেল উদ্ধাৰ

অবৈধ সম্পৰ্কৰ বাবে নৱজাতকটো মাতৃ বা পিতৃয়ে এইদৰে হত্যা কৰি পেলাই দিছিল নেকি তাক লৈ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply