দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৃহৎ জয়।
বিগত বছৰৰ দৰে এই বছৰতো দক্ষিণ শালমাৰা মহাবিদ্যালয়ত ২০২১-২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন আয়োজন কৰে মহাবিদ্যালয় খনৰ নিৰ্বাচনী বিষয়াই।
আজি মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন সম্পূৰ্ণ হোৱাৰ পিছত ফলাফল ঘোষণা কৰে মহাবিদ্যালয় খনৰ নিৰ্বাচনী বিষয়াই। ফলাফল ঘোষণাৰ পিছতেই মহাবিদ্যালয়খনত এক আনন্দ উল্লাসৰ পৰিৱেশৰ সৃষ্টি হয়।
লগতে পঢ়কঃ৪৭৫ বৰ্গফুটৰ ফ্লেটৰ লগত ২৯ বিঘা চিলিং উদ্ধৃত মাটিৰ তুলনা নহয়: ভূপেন বৰা
জানিব পৰা মতে মহাবিদ্যালয়খনৰ ১০টা পদবীৰ ভিতৰত ৯ টা পদবীৰ নমিনেশ্বন জমা দিছিল তাৰ ভিতৰত ৭ জন সদস্য ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা কোনো প্ৰতিনিধি নথকাৰ বাবেই জয়ী হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা উপ-সভাপতি পদৰ বেল্লাল হুছেইন আৰু সাধাৰণ সম্পাদকৰ পদত জয়ী হয় মেহেবুব হাচান।