মানকাচাৰঃ উত্তৰ প্ৰদেশত কৃষক আন্দোলনত মৃত হোৱা কৃষকৰ খবৰ ল’বলৈ গৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ব লগীয়া হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ।

প্ৰিয়ংকা গান্ধীক যোগী আদিত্য নাথ চৰকাৰে কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদত আজি দক্ষিণ শালমাৰা ব্লক কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

ফকিৰগঞ্জ ৰাজীৱ ভৱন প্ৰাংগণত কংগ্ৰেছ নেতা কৰ্মী সকলে হাতে হাতে প্লেকাৰ্ড পষ্টাৰ লৈ বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়কঃনদীৰ মাজৰ পৰা মাতৃ-কন্যাক উদ্ধাৰ কৰিলে দুই যুৱকে

শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।

প্ৰতিবাদী কাৰ্যসূচীত ব্লক কংগ্ৰেছৰ সভাপতি আব্দুছ ছবুৰ আহম্মেদকে ধৰি ভালে কেইজন নেত্ৰ স্হানীয় ব্যক্তি উপস্হিত থাকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply