দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। মাত্ৰ তিনি মাহতে তিনি শতাধিক দোকানসহ নদীৰ বুকুত জাহ গ’ল এখন বজাৰ। গৰাখহনীয়াৰ ফলত গৃহহীন হৈ পৰিছে দুই শতাধিক পৰিয়াল। এতিয়া এই গৃহহীন পৰিয়াল পথাৰ, বাট-পথৰ ওপৰত অস্থায়ী আশ্ৰয় লবলৈ বাধ্য। গৰাখহনীয়া প্ৰতিৰোৰ বাবে গুৰুত্ব নাই চৰকাৰ তথা জিলা প্ৰশাসনৰ।

বিগত প্ৰায় তিনিটা মাহ ধৰি দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে। গৰা খননীয়াৰ ফলত বিগত তিনি মাহত তিনি শতাধিক দোকানৰে স্থাপন হোৱা এখন বজাৰ, কেইবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দুই সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱা ঘটনাই দক্ষিণ শালমাৰাৰ সাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। ইয়াৰ পিছতো চৰকাৰ, জিলা প্ৰশাসনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ বিশেষকৈ মাটিফাটা, পামপাৰা-চতলাৰপাৰ, বাউসকাটা আৰু ফকিৰগঞ্জ এলেকাত বাৰিষাৰ আৰম্ভণিৰে পৰা ব্ৰহ্মপুত্ৰ নদীয়ে ভয়ংকৰ গৰাখহনীয়া চলাই থকাত অঞ্চলটোত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। চাৰি-পাঁচখন চৰকাৰী বিদ্যালয়, সমবায় সমিতি, মছজিদ-মাদ্ৰাছাকে ধৰি কেইবাখনো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান চকুৰ পলকতে নদীয়ে উটুৱাই নিয়াৰ সমান্তৰালভাৱে বিগত প্ৰায় তিনি মাহৰ ভিতৰত প্ৰায় দুই সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যায়।

দক্ষিণ শালমাৰা সমষ্টিত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া কোনো নতুন কথা নহয়। প্ৰতি বছৰে দক্ষিণ শালমাৰাত বানৰ সময়ত ব্ৰহ্মপুত্ৰ নদীয়ে ৰূদ্ৰমূৰ্তি ধাৰণ কৰাত হেজাৰ হেজাৰ পৰিয়াল গৃহহীন হৈ তেওঁলোক কোনোমতে চৰকাৰী প্লেটফৰ্ম, পথাৰ তথা পথাৰৰ ওপৰত আশ্ৰয় লবলগীয়া হৈছে। কিন্তু বাৰিষা শেষ হোৱাৰ প্ৰায় তিনি মাহ পাছতো ব্ৰহ্মপুত্ৰ নদীয়ে ভংয়কৰ গৰাখহনীয়া অব্যাহত ৰখাত সাধাৰণ লোকৰ লগতে মাটিফাটা অঞ্চলৰ ব্যৱসায়ী সকলৰ মাজতো তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

বিগত প্ৰায় ৪০ বছৰ ধৰি দক্ষিণ শালমাৰাৰ বাউসকাটা অঞ্চলৰ ৰাইজে মাটিফাটাত এখন বৃহৎ বজাৰ স্থাপন কৰিছিল। বজাৰখনত প্ৰায় তিনি শতাধিক দোকান আছিল। উক্ত দোকানৰ জৰিয়তে অঞ্চলটোৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে দোকান দি উপাৰ্জন কৰি পৰিয়াল পোহপাল দি আছিল। বছৰ বছৰ ধৰি ব্যৱসায় কৰি উপাৰ্জনৰ ধনেৰে পৰিয়ালৰ মুখত এমুঠি আহাৰ দিবলৈ সক্ষম হৈছিল অঞ্চলটোৰ বাসিন্ধা তথা বজাৰখনৰ ব্যৱসায়ী সকল। কিন্তু মাত্ৰ তিনিটা মাহৰ ভিতৰত বজাৰখন সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যায়। প্ৰতিদিনে ৫-১০ টাকৈ দোকান নদীৰ বুকুত জাহ গৈ অৱশেষত অন্তিম চাৰিখন দোকানো নদীৰ বুকুত জাহ যায়। বজাৰখনৰ এটা অংশত প্ৰধানমন্ত্ৰী গ্ৰামীন চড়ক যোজনাৰ পথ এখন আছে। উক্ত পথৰ কিছু অংশ নদীয়ে ইতিমধ্যে জাহ নিছে।

লগতে পঢ়ক :  ডিফুত লক্ষ্যাধিক টকাৰ মূল্যৱান কাঠ জব্দ,৯ জন আটক

বজাৰখন এইদৰে নদীৰ বুকুত বিলীন হৈ পৰাত ব্যৱসায়ী সকলে চিন্তিত হৈ পৰিছে। কোনোবাজনে যদি কোনোমতে দোকানৰ সামগ্ৰী নিজৰ ঘৰত জমা কৰিছে কোনো ব্যৱসায়ীৰ দোকানৰ সমান্তৰালভাৱে নিজৰ ঘৰখন নদীৰ কবলত পৰাৰ ফলত তেওঁলোক পথাৰ, প্লেটফৰ্ম তথা ৰাস্তাৰ মাজত কোনোমতে আশ্ৰয় লৈছে। মুঠৰ ওপৰত মাটিফাটা অঞ্চলত সাধাৰণ লোকৰ উপৰিও ব্যৱসায়ী সকলৰ মাজত এক হাহাকাৰজনক পৰিৱেশৰ সৃষ্টি হৈছে। মাটিফাটা অঞ্চলৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে বাৰে বাৰে চৰকাৰ তথা জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰী আৰু ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ওচৰত দাবী উত্থাপন কৰি আহিছে। কিন্তু এই সকল লোকৰ দাবীৰ প্ৰতি আজিলৈ কোনেও গুৰুত্ব নিদিয়াত বজাৰখন চাওতে চাওতে অসমৰ মানচিত্ৰৰ পৰা নোহোৱা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply