দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জৰ মাটিফাটা, চতলাৰপাৰ আৰু সূৰ্যমনি গাঁৱত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। অঞ্চল কেইটাত বিগত ১০ দিনৰ ভিতৰত তিনি শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, মাটি-ভেটি ব্ৰহ্মপুত্ৰ নদীয়ে উটুৱাই নিয়াৰ লগতে দুখনকৈ চৰকাৰী বিদ্যালয় নদীত জাহ যোৱাৰ লগতে মাটিফাটা আৰু সূৰ্যমনি বজাৰ দুখন আৰু কেইবাটাও চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান গৰাখহনীয়াৰ কবলত পৰিছে।

ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি পাবলৈ ধৰাত দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন প্ৰান্তত ভয়াবহভাৱে গৰাখহনীয়া আৰম্ভ হৈছে। দিনে নিশাই চপৰা-চপৰে খহিছে লুইতৰ পাৰ।

প্ৰতিদিনে ৪০-৫০ টাকৈ পৰিয়ালে নিজৰ নিজৰ ঘৰ নদীৰ পাৰৰ পৰা আতৰাই নিৰাপদ স্থানলৈ ঢাপলি মেলিবলগীয়া হৈছে। বিশেষকৈ সমষ্টিখনৰ ফকিৰগঞ্জ এলেকাৰ মাটিফাটা, সূৰ্যমনি আৰু চতলাৰপাৰ এলেকাত বিগত প্ৰায় ১০ টা দিনৰ বিতৰত প্ৰায় তিনি শতাধিক পৰিয়ালে নিজৰ নিজৰ ঘৰ নদীৰ পাৰৰ পৰা ভাঙি নিৰাপদ স্থানত আশ্ৰয় ল’বলগীয়া হৈছে।

পৰিয়াল কেইটাৰ মাটি-ভেটি নদীৰ বুকুত বিলীন হৈ যোৱাত অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে। প্ৰতিবছৰে বাৰিষাৰ পূৰ্বে এইদৰে গৰাখহনীয়া হয় যদিও এইবাৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

গৰাখহনীয়াৰ কবলত পৰা পৰিয়ালকেইটা নিজৰ নিজৰ অৱশিষ্ট সামগ্ৰী খিনি গৰু, মহৰ গাড়ী, ট্ৰেক্টৰ আদি ভাৰা কৰি ৰাজপথ তথা খেতি পথাৰত আশ্ৰয় লবলগীয়া হৈছে।মাটি-ভেটি হেৰুৱাই সৰ্বহাৰা পৰিয়াল কেইটা খাদ্য সংকটতো ভুগিবলগীয়া হৈছে।

ইফালে দুই শতাধিক দোকানেৰে গড় লৈ উঠা ঐতিহাসিক মাটিফাটা আৰু সূৰ্যমনি বজাৰ দুখনো গৰাখহনীয়াৰ কবলত পৰিছে। খহনীয়াৰ এই ভয়ংকৰ ৰূপ অব্যাহত থাকিলে আগন্তক বাৰিষাৰ পূৰ্বে নদীৰ বুকুত বজাৰ দুখন জাহ যোৱাৰ লগতে প্ৰায় সহস্ৰাধিক পৰিয়াল গৃহহীন হৈ পৰিব। মন কৰিবলগীয়া বিষয় এয়া যে যোৱা কিছুদিন পূৰ্বে গৰাখহনীয়া অঞ্চল পৰিদৰ্শনৰ বাবে স্থানীয় বিধায়ক গৰাকী আহি পৰিস্থিতিৰ বুজ লৈ যোৱাৰ পিছতো কোনো ধৰণৰ খহনীয়া প্ৰতিৰোধৰ কাম নকৰাত এইদৰে গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

আৰু পঢ়কঃতেজপুৰত সকলোৱে মানিছে নতুন এছ অ’ পি

ইফালে চতলাৰপাৰত থকা দুখনকৈ চৰকাৰী শিক্ষা অনুষ্ঠান ক্ৰমে বাউসকাটা প্ৰজাবন্ধু এম ই স্কুল আৰু হাজিপাৰা এল পি স্কুল গৰাখহনীয়াৰ কবলত পৰাত বিদ্যালয় দুখনো স্থানান্তৰ কৰাৰ লগতে বিদ্যালয় দুখনৰ ভূমি নদীৰ বুকুত জাহ গৈছে।

উল্লেখ্য যে, সাংসদ মৌলানা বদৰুদ্দিন আজমলে এই সমষ্টিটোৰ পৰা নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল যদিও বদৰুদ্দিন আজমলে আজি পৰ্যন্ত মাটিফাটা, সূৰ্যমনি তথা চতলাৰপাৰ এলেকাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিয়োগ উত্থাপন হৈছে।

কেৱল নিৰ্বাচন আহিলে সাংসদ মৌলানা বদৰুদ্দিন আজমলে সমষ্টিটোত পদাৰ্পন কৰে। সহজ সৰল লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে স্থানীয় একাংশ ভুক্তভুগী খহনীয়াগ্ৰস্থ ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply