মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই সমষ্টিৰ ভোট গণনাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিশেষ সভা। নিৰাপত্তাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে পৰ্যবেক্ষণ কৰে হাটশিঙিমাৰী এলেকা।

অহা ২ মে’ তাৰিখে অসম বিধানসভাৰ নিৰ্বাচনৰ দক্ষিণ শালমা-মানকাচৰ জিলাৰ দুই সমষ্টিৰ ভোট গণনাৰ বাবে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন বিশেষ সভাৰ আয়োজন কৰা হয়। সভাত ভোট গণনা সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে ভোট গণনা কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে হাটশিঙিমাৰী এলেকা পৰ্যবেক্ষণ কৰে।

উল্লেখযোগ্য যে ২ মে’ তাৰিখে ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দুই সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ বাবে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ২১ নং মানকাচৰ সমষ্টি আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ ভোট গণনাৰ বাবে দুখন পৃথক পৃথক কক্ষ নিৰ্মাণ কৰি পৃথকভাৱে ভোট গণনাৰ ব্যৱস্থা হাতত লোৱা হৈছে।

সভাত জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰ, অতিৰিক্ত উপায়ুক্ত ইনামুল হক, জিলা নিৰ্বাচনী বিষয়া ভিবাস মেধী, জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওজা, সহকাৰী আৰক্ষী অধীক্ষক ফাৰুক আহমেদ, চিআৰপিএফৰ শীৰ্ঘ বিষয়া উপস্থিত থাকি ভোট গণনা কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত কৰিবলৈ পৰ্যালোচনা কৰে। একদৰে উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি সভাখনত উপস্থিত শীৰ্ষ বিষয়া সকলে কত কেনেকৈ নিৰাপত্তা প্ৰদান কৰিব পাৰি তাক লৈ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু কাৰ্যালয়ৰ সম্মুখভাগ পৰ্যবেক্ষণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply