মানকাচৰ – অসম বিধানসভা নিৰ্বাচনক লৈ সাজু দক্ষিণ শালমাৰা মানকাচৰ প্ৰশাসন। বিধানসভা নিৰ্বাচনক লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে বিশেষ সভা।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আগন্তক বিধানসভাৰ নিৰ্বাচনক লৈ জিলা প্ৰশাসনে সাংবাদিক সকলক লৈ এক বিশেষ সভাৰ আয়োজন কৰি নিৰ্বাচনৰ বাবে আৰক্ষী আৰু জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে সাজু বুলি প্ৰকাশ কৰে।
শনিবাৰে বিয়লি প্ৰায় ৪ বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনে এক বিশেষ সভাৰ আয়োজন কৰে। এই সভাত জিলা উপায়ুক্ত গুৰদীপ সিং পানেশ্বৰ, জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া, জিলা নিৰ্বাচনী বিষয়া ভিবাছ মেধী, অতিৰিক্ত উপায়ুক্ত ইনামূল হক, জিলা পৰিষদৰ চি অ ছোৰমান আলীসহ জিলাখনৰ সাংবাদিক সকল উপস্থিত থাকে।
জিলা উপায়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপায়ুক্ত গৰাকীয়ে কয় যে বিধানসভাৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু। জিলাখনৰ অধীনত থকা ২১ নং মানকাচৰ আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টিত অহা ৬ এপ্ৰিলত ভোট গ্ৰহণ হ’ব।
মানকাচৰ সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২২,৪,৪৩২ আৰু দক্ষিণ শালমাৰা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১৮,৭,৬১৮। আনহাতে এই বিশেষ সভাখনত আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া উপস্থিত থাকি কয় যে নিৰাপত্তাৰ ক্ষেত্ৰতো আৰক্ষীয়ে সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে।