হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত অহা ২ মে’ত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাৰ বাবে শুকুৰবাৰে জিলাখৰ হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক বিশেষ সভা অনুষ্ঠিত কৰা হয়। জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, প্ৰাৰ্থী আৰু তেওঁলোকৰ এজেণ্ট সকলক লৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শান্তিপূৰ্ণভাৱে ভোট গণনা কৰাৰ উদ্দেশ্যে এই সভা অনুষ্ঠিত কৰা হয়।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা সভাকক্ষত অনুষ্ঠিত সভাখনত জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰ, জিলা আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়া, জিলা অতিৰিক্ত উপায়ুক্ত ইনামুল হক, জিলা পৰিষদৰ মুখ্য কাৰ্যাবাহী বিষয়া ছোৰমান আলী, নিৰ্বাচনী বিষয়া ভিভাস মেধী উপস্থিত থকাৰ লগতে দুই সমষ্টিৰ একাংশ প্ৰাৰ্থী তথা এজেণ্ট সকল উপস্থিত থাকে। জিলাখনৰ অধীনত থকা মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টিৰ বাবে অহা ২ মে’ত ভোট গণনা অনুষ্ঠিত হ’ব।

শান্তিপূৰ্ণভাৱে আৰু ক’ভিড প্ৰ’টকল মানি যাতে সকোলোৱে ভোট গণনা কৰে তাৰ বাবে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই সভা অনুষ্ঠিত হয়। সমষ্টি দুটাৰ ভোট গণনাৰ বাবে দুটা পৃথক ভোট গণনা কক্ষ্য নিৰ্মাণ কৰা হৈছে। এটা সমষ্টিত মুঠ ১৪ খনকৈ টেবুলৰ জৰিয়তে ২৩ ৰাউণ্ড ভোট গণনাৰ অন্তত চূড়ান্ত ফলাফল ওলাব। ২ মে’ৰ দিনা ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ভোট গণনাত ইভিএম, ভিভিপেডৰ ভোট গণনাৰ পূৰ্বে প’ষ্টেল বেলটৰ ভোট গণনা আৰম্ভ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply