দক্ষিণ শালমাৰা : ক’ভিড ভেকচিন গ্ৰহণ কৰিলে দুবছৰৰ ভিতৰত মৃত্যু হোৱাৰ লগতে লোকজন বন্ধ্যাকৰন হয় বুলি বন জুইৰ দৰে ৰাইজৰ মাজত এক উৰা বাতৰি বিয়পি পৰাৰ পিছতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অধিকাংশ লোক ভেকচিন লোৱাৰ পৰা আঁতৰি আছে। ফলত দেশৰ ভিতৰত জিলাখনত ভেকচিনৰ হাৰ নিম্নগামী হৈ পৰিছে। ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে ৰাজ্যৰ সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হোৱাত জিলা প্ৰশাসন তৎপৰ হৈ পঞ্চায়তৰ জৰিয়তে প্ৰতিখন গাঁৱত বিভিন্ন প্ৰকাৰে সজাগতামূলক কাৰ্যসূচী হাতত লোৱাৰ পাছত জিলাখনত ভেকচিনৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।

বুধবাৰৰ দিনটোত জিলাখনত সৰ্বাধিক প্ৰায় ৪ হেজাৰ লোকক ভেকচিন দিয়া হৈছে। বৰ্তমানলৈকে জিলাখনত মুঠ প্ৰায় ৩৮ হেজাৰ লোকক ভেকচিন প্ৰদান কৰি জিলাখন সৰ্বনিম্ন তালিকাৰ দ্বিতীয় স্থানলৈ উন্নত হয়। ইফালে জিলাখন দ্বিতীয় স্থানলৈ উন্নতি হোৱাত অসমৰে পশ্চিম কাৰ্বি আলং জিলা দেশৰ ভিতৰত সৰ্বনিম্ন হয় বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰে প্ৰতিদিনে লক্ষাধিক লোকক ভেকচিন দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ পিছত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰতিদিনে প্ৰায় তিনি হেজাৰ লোকক ভেকচিন প্ৰদান কৰাৰ বাবে টাৰ্গেট বান্ধি দিয়া পৰিলক্ষিত হৈছে। কিন্তু স্বাস্থ্য বিভাগে পৰ্যাপ্ত পৰিমাণে ভেকচিন যোগান দিব নোৱাৰাৰ ফলত এতিয়া জিলাখনত ভেকচিনৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক : ব্যাপক ক’ভিড প্ৰতিষেধক অভিযানৰ তৃতীয় দিনাও লক্ষ্য অতিক্ৰম কৰিলে অসমে

জানিব পৰা মতে প্ৰতি দুদিনৰ অন্তত জিলা খনত ৫ হেজাৰকৈ ভেকচিন যোগান ধৰা হয় স্বাস্থ্য বিভাগৰ ফালৰ পৰা। কিন্তু বৰ্তমান এদিনতে প্ৰায় ৩-৪ হেজাৰ ভেকচিন ৰাইজে গ্ৰহণ কৰাত দ্বিতীয় দিনা মাত্ৰ ১-১.৫ হেজাৰ ভেকচিন প্ৰদান কৰিব পৰা যায়। অৱশ্যে পৰৱৰ্তী দিনা পুনৰ ৫ হেজাৰ ভেকচিন জিলাখনৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে যোগান ধৰাৰ পিছদিনা এদিনতে প্ৰায় ৪ হেজাৰ লোকক ভেকচিন দিব পৰা যায়। দেশৰ ভিতৰত ভেকচিনৰ হাৰ নিম্নগামী হোৱা জিলাখনত এতিয়া ৰাইজে ভেকচিন বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাজ্য চৰকাৰে জিলাখনত একেলগে কমেও পাঁচ দিনৰ ভেকচিন যোগান দিলেহে এই সমস্যাৰ পৰা ৰাইজে সমাধান পোৱাৰ সম্বাবনা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply