মানকাচাৰ – দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ১৪৬০ গৰাকী দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াৰ প্ৰশিক্ষণ সম্পন্ন। নিৰ্বাচনৰ বাবে সম্পূৰ্ণভাৱে সাজু দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন। জিলাখনৰ দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিৰ মুঠ ৪,১২,০৫০ গৰাকী ভোটাৰে ভোটদান কৰিব।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যাল আৰু হাটশিঙিমাৰী মহাবিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াসকলক নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। মহাবিদ্যালয় দুখনৰ মুঠ ১৯ টা কক্ষত বুধবাৰে ৭৬০ গৰাকী দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰাৰ বিপৰীতে বৃহস্পতিবাৰে দ্বিতীয় দিনা ১৯ টা কক্ষতে মুঠ ৭০০ গৰাকী পলিং বিষয়াসহ সৰ্বমুঠ ১৪৬০ গৰাকী দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

আনহাতে যোৱা ২৪ আৰু ২৫ ফেব্ৰুৱাৰী তাৰিখে মুঠ ১৫১০ গৰাকী প্ৰিছাইডিং বিষয়া আৰু প্ৰথম পলিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল বুলি জানিব পৰা গৈছে। জিলাখনত অহা ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগা নিৰ্বাচনৰ বাবে মুঠ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে সাজু কৰি তোলা পৰিলক্ষিত হৈছে। কভিড প্ৰটকল মানি এইবাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে বুলি জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰে জানিবলৈ দিয়ে।জিলাখনৰ অধীনত দুখনকৈ বিধানসভা সমষ্টিত মুঠ ৪,১২,০৫০ গৰাকী ভোটাৰে এইবাৰ নিৰ্বাচনত ভোটদান কৰিব। ইয়াৰে ২,০৯,৬৪৮ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে জিলাখনত মহিলা ভোটাৰৰ সংখ্যা হৈছে ২,০২,৩৯১ গৰাকী।

ইয়াৰে ২১ নং মানকাচৰ সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২,২৪,৪৩২ গৰাকী আৰু ২২ নং দক্ষিণ শালমাৰা সমষ্টিৰ ভোটাৰৰ সংখ্যা ১,৮৭,৬১৮ গৰাকী। মানকাচৰ সমষ্টিত মুঠ ২,২৪,৪৩২ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ১,১৩,৩৬১ গৰাকী হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ১,১১,০৬৫ গৰাকী। আনহাতে দক্ষিণ শালমাৰা সমষ্টিৰ মুঠ ১,৮৭,৬১৮ গৰাকী ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৯৬,২৮৭ গৰাকী হোৱাৰ লগতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ৯১,৩২৬ গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply