দক্ষিণ শালমাৰা : অসমৰ ১২৬ গৰাকী বিধায়কৰ ভিতৰত আটাইতকৈ অযোগ্য বিধায়ক হৈছে ৱাজেদ আলী চৌধুৰী। এই অভিযোগ বিধায়ক গৰাকীৰ সমষ্টিবাসীৰ। সমষ্টিৰ গৰাখহনীয়াৰ ৰোধৰ প্ৰতি গুৰুত্ব দিয়ক অন্যথায় দক্ষিণ শালমাৰা সমষ্টিত প্ৰৱেশ নিষেধ কৰা হব বুলি মন্তব্য প্ৰকাশ কৰি ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সমষ্টিবাসীয়ে।
নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই জিলাখনৰ নৈ-পৰীয়া ৰাইজৰ টোপনি হৰণ কৰিছে। ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ফলত ভেটি-মাটি হেৰুৱাই বহু লোক অঘৰীৰ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে। ইমানৰ পিছতো সমষ্টিটোৰ বিধায়ক আৰু সাংসদৰ গৰাখহনীয়াই ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নাই।
বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ নিষ্ক্ৰিয় ভূমিকা দেখি ক্ষোভিত হৈ পৰিছে ৰাইজ। বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু সাংসদ মৌলানা বদৰুদ্দিন আজমল কেৱল মাত্ৰ ভোটৰ ৰাজনীতি কৰে, সমষ্টিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিধায়ক আৰু সাংসদ গৰাকীৰ কোনো গুৰুত্ব নাই বুলি ক্ষোভ উজাৰিছে সমষ্টিবাসীয়ে। গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত বিধায়ক আৰু সাংসদ গৰাকীৰ নিষ্ক্ৰিয় ভূমিকা দেখি অৱশেষত প্ৰতিবাদৰ পথ গ্ৰহণ কৰিছে নৈ-পৰীয়া ৰাইজে। ৱাজেদ আলী চৌধুৰী মূর্দাবাদ, আজমল মূর্দাবাদ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে নৈ-পৰীয়া ৰাইজে।
দক্ষিণ শালমাৰাৰ ডাকুৰভিটাত দক্ষিণ শালমাৰা বিজেপিৰ যুৱ মৰ্চাই সমষ্টিখনৰ বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু সাংসদ আজমলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰি দুয়োক অতি শীঘ্ৰে সমষ্টিটোৰ গৰাখহনীয়া ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়। প্ৰতিবাদকাৰী সকলে আজমল আৰু ৱাজেদ আলী চৌধুৰীৰ প্ৰতিমূৰ্তি ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দি নেতা দুজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।দক্ষিণ শালমাৰা সমষ্টিত ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি পোৱাৰ লগে লগে আৰম্ভ হৈছে ভয়ংকৰ খহনীয়াৰ।
লগতে পঢ়ক : ‘ঝাৰু মৰাতেই শেষ নহয় স্বচ্ছতা কাৰ্যসূচী’
ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ খহনীয়া ৰোধৰ বাবে কোনো গুৰুত্ব নিদিয়াৰ ফলত বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ যুৱ মৰ্চাই। উল্লেখ্য যে বিধায়ক ৱাজেদ আলী চৌধুৰী বিগত প্ৰায় তিনি চাৰি বছৰ ধৰি বিশ্ব বেংকৰ টকাৰে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰা হ’ব বুলি ৰাইজক আশ্বাস দি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত এই আশ্বাসৰ ফোঁপোলা স্বৰূপ উদঙাইছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই।