দক্ষিণ শালমাৰা : তালিবান সমৰ্থক খন্ধকাৰ নুৰ আলম অসম আৰক্ষীৰ জালত। ৫১ বছৰীয়া খন্ধকাৰ নুৰ আলম দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বাসিন্দা। অসম আৰক্ষীয়ে তালিবানৰ সমৰ্থন কৰা মুঠ ১৪ জনক গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্যমত এই ১৪ জনে তালিবানৰ সমৰ্থনৰ পোষ্ট দিছিল।এওঁলোকৰ ভিতৰত আছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ, অসম আৰক্ষীৰ কনিষ্টবল আৰু ৩ জন মৌলনাসহ শিক্ষক-সাংবাদিকো।

আফগানিস্তান তালিবান দখলৰ পাছত বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়ত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আৰক্ষীয়ে এজন তালিবান সমৰ্থনকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। জিলা সদৰস্থিত খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ ভীমাপাৰা গাঁৱৰ খন্ধকাৰ আব্দুল ছাততাৰৰ পুত্ৰ খন্ধকাৰ নুৰ আলম সামাজিক মাধ্যমত তালিবানৰ সমৰ্থনত এটা পোষ্ট সমৰ্থন কৰিছিল।

লগতে পঢ়ক : এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ সমস্ত তথ্য থাকিব বিশেষ ডিভাইচত

পুৱতি নিশা খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছমিৰণ ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দল খন্ধকাৰ নুৰ আলমক নিজা ঘৰৰ পৰা আটক কৰি জেৰাৰ চলায়। জেৰাৰ অন্তত খন্ধকাৰ নুৰ আলমক গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত প্ৰেৰণ কৰে আৰক্ষীয়ে। আদালতে লোকজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে।

সামাজিক মাধ্যমত তালিবানক মুকলিকৈ সমৰ্থন জনোৱা এই ১৪ গৰাকী লোকৰ মাজত আছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ, মৌলানা আদি। অসম আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আটকাধীন অসমৰ ১৪ জন তালিবানৰ সমৰ্থকৰ মাজত আছে ৪০ উৰ্ধৰ ৩ গৰাকী মৌলানা।

অসম আৰক্ষীয়ে আটক কৰা এই ১৪ গৰাকী তালিবানৰ সমৰ্থক কেইটা হ’ল দৰং জিলাৰ মৌলানা ফাজুল কৰিম (৪৯), কামৰূপ গ্ৰাম্যৰ আবু বক্কৰ ছিদ্দিক (৫৫), ছাইদুল হক (২৯), কাচাৰ জিলাৰ জাভেদ মজুমদাৰ, বৰপেটা জিলাৰ মজিদুল ইছলাম (২৫), ফাৰুক হুছেইন খান (৩২), ধুবুৰী জিলাৰ ছৈয়াদ আহমেদ(২৭), অৰমান হুছেইন (২৫), হাইলাকান্দিৰ নাদিম আখটাৰ (২৩), দক্ষিণ শালমাৰাৰ খান্দাকাৰ নুৰ আলম, গোৱালপাৰাৰ মৌলানা য়াছিন খান (২৬) হোজাইৰ মৌলানা বাছিৰুদ্দিন লস্কৰ (৬৫), কৰিমগঞ্জৰ মুজিব উদ্দিন আৰু মুৰ্টোজা হুছেইন খান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply