মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ধেনাৰকুটি-শ্বলিয়া গাঁৱত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলায়। অভিযানত আৰক্ষীয়ে প্ৰায় ২ কেজি ভাংসহ এজন ভাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ইফালে মকাচাৰত আৰক্ষী আৰু চিআৰপিএফৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট।
দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল ৰয় প্ৰধানীয়ে এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত এছ আই নয়ন কুমাৰৰ সহযোগত আৰক্ষীৰ এটা দল লৈ ধেনাৰকুটি গাঁৱৰ দাৰগ আলীৰ পুত্ৰ আব্দুল কালাম সেখৰ ঘৰত অভিযান চলাবলৈ যায়। আৰক্ষীৰ অভিযানৰ উমান পাই ভাং ব্যৱসায়ী কালাম সেখ মটৰ চাইকেলেৰে পলায়ন কৰে যদিও দক্ষিণ শালমাৰা আৰক্ষীয়ে ভাং ব্যৱসায়ীজনক খেদি খেদি পাৰ্শ্ববৰ্তী শ্বলিয়া গাঁৱত আটক কৰি মটৰ চাইকেলখন জব্দ কৰে। আৰক্ষীয়ে কালাম সেখৰ কবলৰ পৰা বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে।
দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল ৰয় প্ৰধানীয়ে জানিবলৈ দিয়া মতে ভাং ব্যৱসায়ীজনৰ পৰা প্ৰায় দুই কেজি ওজনৰ ভাং, এমএল-০৮ ই-০৭৭৬ নম্বৰৰ এটা মটৰ চাইকেল আৰু এটা মোবাইল ফোন জব্দ কৰি ভাং ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰা হৈছে। দক্ষিণ শালমাৰা অঞ্চলটো ড্ৰাগছ মুক্ত কৰাৰ বাবে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এইদৰে প্ৰায়ে অভিযান চলাই ভাং, নিচাজাতীয় টেবলেট, বিলাতী সুৰা আদি জব্দ কৰি আহিছে।
আৰু পঢ়কঃ বানত জলমগ্ন সোণাৰিৰ বিভিন্ন অঞ্চল
আনহাতে বিয়লি প্ৰায় ৪ বজাত মানকাচৰ আৰক্ষী আৰু চিআৰপিএফে এক গোপন সুত্ৰৰ পম খেদি জোৰডাঙা গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰি জেৰা চলাই থকা হৈছে বুলি জানিব পৰা গৈছে।