মানকাচৰঃদক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক সংঘৰ সংবাদ মেল।
সংবাদ মেলৰ জৰিয়তে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন সমস্যা সমাধানৰ দাবী জনায় বিজেপিৰ জিলা সমৰ্থক সংঘৰ সাধাৰণ সম্পাদক মনিৰুজ জামান মণ্ডলে।
বিজেপি চৰকাৰে ভূমিহীন লোকৰ বাবে ভূমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু বিভিন্ন ঠাইত ভূমিহীন লোকক ভূমি প্ৰধান কৰিছে যদিও দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰিছে যদিও এতিয়ালৈকে ভূমি চমজাই নিদিয়াৰ কথা উল্লেখ কৰে বিজেপিৰ জিলা সমৰ্থক সংঘৰ সম্পাদক জনে।
আৰু পঢ়কঃমানকাচৰ খণ্ড উন্নয়নত বিধৱা মহিলা হিতাধিকাৰীৰ মহোৎসৱ
বিশেষকৈ জিলাখনত গড়াখহনীয়াৰ কবলত পৰি বিধ্বস্ত হোৱা পৰিয়ালসমূহৰ ভূমি নথকাৰ কাৰণে ৰাস্তাৰ কাষত থাকিব লগীয়া হৈছে বুলি জানিব দিয়ে বিজেপিৰ জিলা সমৰ্থক সংঘই।
ইফালে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়কে ধৰি বহুকেইখন চৰকাৰী কাৰ্যালয়ৰ মাটি নিৰ্ধাৰণ কৰি কাৰ্যালয় সমূহ স্থাপন কৰিবলৈ জিলা বিজেপি সংঘই চৰকাৰ তথা জিলা প্ৰশাসক আহ্বান জনাই সংবাদ মেলৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।