দক্ষিণ শালমাৰা : এটা বা দুটা নহয়, প্ৰতিদিনে ৩০-৪০ টাকৈ পৰিয়ালে হেৰুৱাইছে বাসস্থান। দক্ষিণ শালমাৰাত মাটি-ভেটি নদীৰ বুকুত জাহ যোৱাত প্ৰতিদিনে গৃহহীন হৈ ৩০-৪০ টাকৈ পৰিয়াল। কেতিয়া, কাৰ মৰমৰ ঘৰখন নদীৰ বুকুত জাহ যাব তাৰ কোনো নিশ্চয়তা নাই। ফলত নৈপৰীয়া লোক সকলে স্থানান্তৰ কৰিবলগীয়া হৈছে ঘৰ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰৰ অন্তৰ্গত মাটিফাটাত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই। অঞ্চলটোত প্ৰতিদিনে ৩০-৪০ টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি নদীৰ বুকুত জাহ হৈছে। গৰাখহনীয়াৰ কালৰূপ দেখি নিজৰ নিজৰ ঘৰখন স্থানান্তৰ কৰাত ব্যস্ত হৈ পৰিছে নৈপৰীয়া লোক সকল।

ইয়াৰে একাংশ লোক পূৰ্বে গৰাখহনীয়াৰ কবলত পৰি আশ্ৰয় লৈছিল চৰকাৰী প্লেটফৰ্মত। এতিয়া চৰকাৰী প্লেটফৰ্ম ভাঙি নিয়াৰ ফলত এই সকল ভুক্তভোগী আশ্রয়হীন হৈ পৰিছে।কোনোবাই যদি আশ্ৰয় লৈছে পথৰ ওপৰত, কোনোবাই আশ্ৰয় লৈছে কৃষি পথাৰত। এক হাহাকাৰজনক পৰিস্থিতিৰ সৃষ্টি হৈছে মাটিফাটাৰ নৈপৰীয়া লোক সকলৰ মাজত।

লগতে পঢ়ক :  ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল খবৰ; অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ১ কোটি টকাৰ স্কলাৰশ্বিপ

ব্ৰহ্মপুত্ৰ নদীৰ এই ভয়ংকৰ ৰূপৰ পিছতো অঞ্চলটোৰ প্ৰতি আজিলৈ গুৰুত্ব নাই চৰকাৰ, প্ৰশাসন বা স্থানীয় বিধায়কৰ। আজিলৈ গৰাখহনীয়াৰ ৰোধৰ কাম মাটিফাটা অঞ্চলত নোহোৱাৰ ফলত প্ৰতি বছৰে সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যায় এই অঞ্চলৰ। এই বেলি বাৰিষাৰ পূৰ্বে প্ৰায় ৪ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ যোৱাত অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply