দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বাৰিষাৰ পূৰ্বে পুনৰ ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া আৰম্ভ হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত ভাৰত-বাংলাদেশ সীমান্তত থকা কাইটীয়া তাঁৰৰ বেৰ, বিএছএফ কেম্প, বি এছ এফ পৰীক্ষণ চকী আৰু সীমান্ত সংযোগী মথাউৰী পথ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাত স্থানীয় ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে বিক্ষোভ হৈ নতুন চৰকাৰক ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

বাৰিষাৰ পূৰ্বে ব্ৰহ্মপুত্ৰ নদীত জলপৃষ্ঠ বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি জিলাখনৰ অধীনত থকা ভাৰত-বাংলাদেশ সীমান্তৰ বিশেষকৈ শিশুমাৰা, কোকৰাডাঙা, কালাইৰ আলগা এলেকাত ভয়াবহভাৱে আৰম্ভ হৈছে গৰাখহনীয়া। যোৱা প্ৰায় দুই-তিনি বছৰ পূৰ্বে আন্তৰাষ্ট্ৰীয় সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত থকা ব্ৰহ্মপুত্ৰ নদীত ক্ৰমাৎ সীমান্তৰ কাষ চাপি অহাত দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। বৰ্তমান সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ প্ৰায় ১০ মিটাৰ নিলগত আছে ব্ৰহ্মপুত্ৰ নদী।

সীমান্তৰ গৰাখহনীয়াৰ ভয়ংকৰ পৰিস্থিতিৰ বাবে চৰকাৰে জল সম্পদ বিভাগৰ দ্বাৰা ব্ৰহ্মপুত্ৰ বৰ্ডৰ জৰিয়তে কোটি কোটি টকা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আৱণ্টন দি আহিছে কিন্তু দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰে কামত চৰম অৱহেলা কৰাৰ উপৰিও সিংহ ভাগ ধন আত্মসাত কৰাৰ ফলত কাম সম্পূৰ্ণ কৰাৰ পূৰ্বে পুনৰ খহনীয়া আৰম্ভ হোৱা পৰিৱেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোটি কোটি টকা আবণ্টন দিয়া হৈছে যদিও কোনো এখন আঁচনিৰ ধন ইয়াত সঠিকভাৱে ৰূপায়ন নোহোৱাৰ অভিযোগ উঠিছে।

বিশেষকৈ যোৱা প্ৰায় দুবছৰ পূৰ্বে আছামেৰ আলগা ভাৰত-বাংলাদেশ সীমান্তত বাৰিষাৰ পানীৰ ধলে বাংলাদেশৰ ফালৰ কাইটীয়া তাঁৰৰ বেৰ থকা সীমান্ত পথ ফুটা হৈ প্ৰায় ২০০ মিটাৰ কাইটীয়া তাঁৰৰ বেৰ উটুৱাই নিছিল। উক্ত এলেকাত চৰকাৰে ততকালীনভাৱে কাম প্ৰায় সম্পন্ন কৰাৰ বিপৰীতে শিশুমাৰা বিএছএফ কেম্প এলেকাৰ অধীনত নদীয়ে চলাই থকা খহনীয়াৰ তাণ্ডৱলীলা বন্ধ কৰাৰ বাবে কেইবা কোটি টকাৰ জি’অ বেগৰ কাম মোকলাই দিয়া হৈছে। শিশুমাৰাৰ বিএছএফ কেম্প এলেকাৰ পৰা বৰাইৰ আলগা বিএছএফ কেম্প এলেকালৈ প্ৰায় এক কিলোমিটাৰ এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াক ভেটি দিবলৈ কেবা কোটি টকাৰ জি’অ বেগৰ কামৰ দায়িত্ব দিয়া হৈছে দুজনকৈ ঠিকাদাৰক কিন্তু ঠিকাদাৰ দুজনে কেবল বাৰিষা আহিলে গৰাখহনীয়া আৰম্ভ হ’লেহে জি’অ বেগেৰে গৰাখহনীয়াৰ কাম কৰিবলৈ আৰম্ভ কৰাৰ বিপৰীতে খৰাং বতৰত কোনো ধৰনৰ কাম নকৰি কোটি কোটি টকাৰ কামত চৰম দূৰ্নীতি আৰম্ভ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ইফালে পুনৰবাৰ বাৰিষা সমাগত। বাৰিষাৰ পূৰ্বে বৰলুইতত ক্ৰমাৎ পানী বৃদ্ধি পাবলৈ ধৰিছে। পানী বৃদ্ধি পোৱাৰ লগে লগে আৰম্ভ হৈছে গৰাখহনীয়া। ইতিমধ্যে কোটি কোটি টকাৰে যিখিনি জি’অ বেগৰ কাম কৰা হৈছে সেই খিনিৰ অধিকাংশ নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। খহনীয়া এইদৰে চলি থাকিলে আগন্তক দুই-তিনি সপ্তাহৰ ভিতৰত কোটি কোটি টকাৰ জি’অ বেগৰ কাম সম্পূৰ্ণৰূপে নদীৰ বুকুত জাহ যোৱাটো এক প্ৰকাৰে নিশ্চিত বুলি কব পাৰি। জি’অ বেগৰ কামখিনি এইবাৰ নদীয়ে উটুৱাই নিলে পৰিস্থিতি অতিকৈ ভয়াবহ হ’ব বুলি স্থানীয় সচেতম মহলে শংকা প্ৰকাশ কৰিছে। দুৰ্নীতিগ্ৰস্থ দুই ঠিকাদাৰৰ মৈমাতলী আৰু আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ চৰম অৱহেলাৰ ফলত এইদৰে পুনৰ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ, সীমান্ত সংযোগী পথ, বিএছএফ কেম্প তথা বিএছএফৰ পৰীক্ষণ চকীলৈ ভাবুকি আহিছে।

লগতে পঢ়ক : অখিল গগৈক শপত বাক্য পাঠ কৰালে প্ৰটেম সদস্য ফণীভূষণ চৌধুৰীয়ে

সীমান্তৰ কাইটীয়া তাৰৰ বেৰ নদীয়ে উটুৱাই নিলে ভাৰত-বাংলাদেশ সীমান্ত উন্মক্ত হৈ পৰাৰ ফলত দেশৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি আহিব। একেদৰে সীমান্ত সংযোগী পথখন এইবাৰ নদীয়ে উটুৱাই নিলে কাইটীয়া তাঁৰৰ বেৰৰ লগতে মানকাচৰ সমষ্টিৰ প্ৰায় ৪০ শতাংশ এলেকা নদীৰ বুকুত বিলীন হৈ যাব। ইমানৰ পিছতো বিভাগীয় ঠিকাদাৰদ্বয়ে অঞ্চলটোৰ গৰাখহনীয়াৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদি কেৱল চৰকাৰী ধন আত্মসাত কেনেকৈ কৰিব পাৰি তাৰ বাবে বিভিন্ন ফন্দি উলিওৱাৰ অভিযোগ উত্থাপিত হৈছে। মানকাচৰ বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি মনিৰুজ্জামান মনি ঠিকাদাৰৰ এনে চৰম অবহেলা আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ নতুন চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাক বিষয়টো তদন্ত কৰি দুই ঠিকাদাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply