নাৰায়ণপুৰ: মহাবাহু ব্ৰহ্মপুত্ৰৰ পিছত হঠাৎ জলস্তৰ বৃদ্ধি পাইছে সোৱণশিৰিৰ। কালিৰে পৰা অস্বাভাৱিক ভাৱে প্ৰায় দুই মিটাৰ পৰ্যন্ত পানী বাঢ়ি যোৱাৰ ফলত নৈ পৰীয়া ৰাইজৰ মাজত একপ্ৰকাৰ হাঁহাকাৰ লাগিছে।

দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাৰ ফলত মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ নৈ-উপনৈ সমুহ অস্বাভাৱিক ভাবে শুকাই গৈছিল। বাৰিষা ভয়াবহ ৰূপ ধাৰণ কৰা নৈ বোৰ চৌদিশে বালিময় হৈ পৰিছিল। কিন্তু হঠাৎ এনেদৰে জলস্তৰ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে নৈ পৰীয়া লোকসকল।

একাংশ বয়োজেষ্ঠ লোকে জনোৱা মতে- পূৰ্বে চ’ত মাহত এনেধৰণৰ ঘটনা দেখা তেওঁলোকৰ মনত নপৰে। এতিয়া প্ৰশ্ন হয় বৰষুণ নোহোৱাকৈ হঠাৎ ক’ৰ পৰা আহিল পানী? নে কোনো বৃহৎ নদী বান্ধৰ পৰা গোপনে এৰি দিয়া হৈছে অতিৰিক্ত পানী?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply