প্ৰবঞ্চক মৃদুপৱন নেওগৰ সন্ধানত শিৱসাগৰত নগাঁও আৰক্ষীৰ অভিযান চলাই দুজনক গ্ৰেপ্তাৰ কৰিছে। শিৱসাগৰ জিলাৰ আমগুৰিত নগাঁও আৰক্ষীৰ অভিযানত যুবক দুজন ধৰা পৰে।
আৰক্ষীয়ে আটক কৰা যুবক দুজনৰ নাম ৰক্তিম গগৈ আৰু অভিজিৎ গগৈ । মৃদুপৱনক আশ্রয় দিয়াৰ সন্দেহত আটক কৰা হয় দুয়োজনকে। বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত দুয়োজনকে।

এই ঘটনা সংঘটিত হোৱাৰ পিছতেই প্ৰবঞ্চক মৃদুপবন নেওগে টেলিফোন যোগে আৰু সামাজিক মাধ্যমৰ যোগেদি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

চাৰিমাহ ধৰি প্ৰবঞ্চনাৰ গোচৰত পলাতক হৈ থকা মৃদুপৱন নেওগৰ সংবাদ মাধ্যমৰ সৈতে টেলিফোনিক ভাষ্যৰ পিছতেই আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।
পলাতক মৃদুপবনৰ বিস্ফোৰক অভিযোগ আৰক্ষীৰ লগতে একাংশ সংবাদমাধ্যমৰ বিৰুদ্ধে। আৰক্ষীয়ে তেওক এনকাউন্ট কৰাৰ সন্দেহ ব্যক্ত কৰিছে।

নগাৱৰ এজন ব্যবসায়ীক গাড়ী বিক্ৰী কৰি জমা নিদিয়াৰ অভিযোগৰ পিছতেই আৰক্ষীয়ে বিচাৰি গুৱাহাটীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছৰে পৰা পলাতক হৈ আছে মৃদুপবন নেওগ।
কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্ত প্ৰৱঞ্চক মৃদুপৱন নেওগক এই সন্দৰ্ভত আনন্দ মিশ্ৰই কয়, সোনকালেই ধৰা পৰিব। ‘নিজে ধৰা দিলে বাচিব, পুলিচে বিচাৰি উলিয়ালে ৰক্ষা নাপাব। পুলিচক বিশ্বাস নকৰিলে ন্যায়ালয়ৰ ওচৰত হাজিৰ হ’বলৈ আহ্বান।’

লগতে পঢ়ক- মুখ্যমন্ত্ৰী মামাৰ নিমন্ত্ৰণ ৰক্ষা গুৱাহাটীলৈ অহা মাজুলীৰ কনমানী ভকত বৈষ্ণব উভতিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply