দুলীয়াজান : অসম আৰক্ষীত সংস্কাৰ সাধনৰ দিশত এক নতুন মাত্ৰা অন্বেষণ কৰাৰ অংশ হিচাপে আজি তৈল নগৰী দুলীয়াজানত আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এই দুদিনীয়া সন্মিলনত ৰাজ্যখনৰ ৩৪খন জিলাক প্ৰতিনিধিত্ব কৰা প্ৰায় ৯৪গৰাকী আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াই অংশগ্ৰহণ কৰিছে।
৬ মাহ আগতে কাজিৰঙাত অনুষ্ঠিত প্ৰথমখন আৰক্ষী অধীক্ষক সন্মিলনত আৰক্ষী বিষয়াসকলক তেখেতসকলৰ ভূমিকা সম্পূৰ্ণৰূপে পুনৰ নিৰ্ধাৰণ কৰিবলৈ জনোৱা আহ্বান সুচাৰু ৰূপে কাৰ্যকৰী হোৱাত সন্তোষ্ট হৈ মুখ্যমন্ত্ৰীয়ে কয়, “যোৱা কেইমাহমানত অসম আৰক্ষীয়ে বিভাগীয় সংস্কাৰ সাধনৰ দিশত এক নতুন গতি লাভ কৰিছে। কিন্তু আমাৰ এতিয়াও বহু কৰণীয় আছে।


আমি জনতাৰ কাষত সদায়েই থিয় দিব লাগিব কিন্তু একে সময়তে আমি শূন্য সহনশীল নীতিৰে সকলো অপৰাধীৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হ’ব লাগিব। গুণগত মানৰ অনুসন্ধান আৰু গোচৰ সমাধান হৈছে এক সফল আৰক্ষী বাহিনীৰ মূল চাবিকাঠী। আমি সদায় আমাৰ নাগৰিকৰ বিৰুদ্ধে ঘটা সকলো অন্যায়ৰ বিৰুদ্ধে থিয় দিব লাগিব।”
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘এক প্ৰযুক্তি চালিত আৰক্ষী বাহিনীৰ গঠন আমাৰ অন্যতম লক্ষ্য। অপৰাধীৰ পৰিৱৰ্তনশীল অপৰাধসমূহৰ সৈতে মোকাবিলা কৰিবলৈ অসম আৰক্ষীয়ে অত্যাধুনিক প্ৰযুক্তিৰ অভিযোজন নিশ্চিত কৰিব লাগিব।’
উক্ত বৈঠকতে আৰক্ষী সঞ্চালকপ্ৰধানক ১০ মে’ৰ ভিতৰত অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা প্ৰক্ৰিয়াৰ পৰা ওলাই আহি আৰক্ষী বিভাগত পৰ্যাপ্ত মানৱ সম্পদ নিয়োগ কৰি আমি প্ৰকৃত অৰ্থত বিভাগটোক শক্তিশালী কৰাৰ সময় সমাগত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “আমি ব্যক্তিগত নিৰাপত্তাৰক্ষী ৰখা সংস্কৃতিৰ পৰা ওলাই আহিব লাগিব। সক্ৰিয় নিৰীক্ষণৰ প্ৰক্ৰিয়াৰ যোগেদি সমাজলৈ অহা সকলো ভাবুকি আৰক্ষীয়ে ৰাইজৰ সহযোগিতাৰে প্ৰতিহত কৰিব লাগিব। ৰাজ্যখনত আইন-শৃংখলা উন্নীতকৰণেৰে অহা ২-৩ বছৰত আমি এনে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব য’ত আদৰ্শগতভাৱে অসমত কোনো ব্যক্তিৰ বাবে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰয়োজন নহয়।”
সন্মিলনৰ প্ৰথম দিনটোত আজি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সতীৰ্থ মন্ত্ৰীত্ৰয় অতুল বৰা, বিমল বৰা আৰু সঞ্জয় কিষাণ, ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, জি অ চি ৪-কৰ্পছ লেঃ জেঃ ৰবীন খোশলা, এ অ’ চি (ভাৰপ্ৰাপ্ত) এয়াৰ মাৰ্শ্বাল ডি কে পাটনায়ক, অইলৰ মুখ্য পৰিচালন সঞ্চালক এছ চি মিশ্ৰ আৰু অইলৰ আৱাসিক মুখ্য কাৰ্যবাহী প্ৰশান্ত বৰকটকীকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক :নুমলীগড়ত অবৈধ বালি মহলৰ বহাত বনৰীয়া হাতীৰ আক্ৰমণ : ২ জনৰ মৃত্যু 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply