গুৱাহাটী : ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক সলনি ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে। কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনক শিৱসাগৰৰ আৰক্ষী অধীক্ষক ৰূপে বদলি। যোৰহাটৰ নতুন আৰক্ষী অধীক্ষক হ’ব অংকুৰ জৈন। চিৰাঙৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰিছে আই পি এছ বিষয়া গৌৰৱ উপাধ্যায়ক।
কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে ডিব্ৰুগড়ৰ টি পি বিজয় কুমাৰক।হাইলাকান্দিৰ নতুন আৰক্ষী অধীক্ষক হ’ব হামৰেণৰ ৰমনদীপ কৌৰ। বৰপেটাৰ পৰা ৰবীন কুমাৰক গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰূপে বদলি। কাছাৰৰ আৰক্ষী অধীক্ষক বি এল মীনাক দুৰ্নীতি নিবাৰকৰ আৰক্ষী অধীক্ষক নিযুক্তি। গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি।
নগাঁৱৰ পৰা গৌৰৱ অভিজিত্ দিলীপক ধুবুৰীলৈ আৰক্ষী অধীক্ষক ৰূপে বদলি। মাজুলীৰ আৰক্ষী অধীক্ষক এন অপৰ্ণাক মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰিছে। গুৱাহাটীৰ অপৰাধ শাখাৰ ডি চি পি বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি কৰিছে। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিছে চৰাইদেউৰ আৰক্ষী অধীক্ষক
এছ মিশ্ৰক। গুৱাহাটী পূব মণ্ডলৰ ডি চি পি হিচাপে নিযুক্তি দিছে শুভ্ৰজ্যোতি বৰাক।
গুৱাহাটীৰ অপৰাধ শাখাৰ ডি চি পি মোহনলাল মীনাক শোণিতপুৰৰ আৰক্ষী ৰূপে বদলী কৰা হৈছে। অধীক্ষক মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি কৰিছে। লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিছে বেদান্ত মাধৱ ৰাজখোৱাক।তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰিছে দেৱজিত দেউৰীক। মাজুলীৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিছে গৌতম বৰাক। মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমান্ডেট পদত নিযুক্তি দিয়া হৈছে।
বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক বাক্সাৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰিছে। চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙক চৰাইদেউৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰিছে। মাজুলীৰ পৰা লংনিত টেৰাঙক গুৱাহাটীৰ এ আই জি পি ৰূপে বদলি কৰিছে। বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিছে স্বপ্ননীল ডেকাক। বঙাইগাঁৱৰ সুবোধ সোণোৱালক আৰক্ষী অধীক্ষক ৰূপে দক্ষিণ শালমৰালৈ বদলি কৰা হৈছে। যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰক সপ্তম এ পি বি এনলৈ বদলি কৰা হৈছে।
শিৱসাগৰৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক বৰপেটালৈ বদলি কৰা হৈছে। বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিছে। দৰঙৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিছে মুখ্য কাৰ্যালয়ত থকা সুশান্ত বিশ্ব শৰ্মাক।ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাসক বিশ্বনাথৰ আৰক্ষী অধীক্ষক ৰূপে বদলি কৰা হৈছে। হামৰেণৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিছে অজংৰান বসুমতাৰীক। মৰিগাঁৱৰ আৰক্ষী অধীক্ষক নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে।হাইলাকান্দিৰ আৰক্ষী অধীক্ষক পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ আৰক্ষী অধীক্ষক ৰূপে বদলী কৰা হৈছে।