টিয়ক–  নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে সমগ্ৰ অসমতে প্ৰশাসন অধিক তৎপৰ হোৱা দেখা গৈছে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে যোৰহাট জিলাৰ টীয়কতো জিলা প্ৰশাসনে তৎপৰতা বৃদ্ধি কৰিছে । জিলাখনৰ অন্তৰ্গত ১০২ নং বিধান সভা সমষ্টিটো প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইতিমধ্যে ৰাজহুৱা স্থানত থকা চৰকাৰী আঁচনি সমূহৰ হৰ্ডিং,পোষ্টাৰ আদি আঁতৰাই পেলোৱাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰ নিৰাপত্তা দিশটো পৰ্যবেক্ষণ কৰিছে। এইবাৰ টীয়ক বিধান সভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা এক লাখ একত্ৰিশ হাজাৰ দুশ আঠানব্বৈ গৰাকী। সমষ্টিটোত অতিৰিক্ত ২০ টা ভোট গ্ৰহণ কেন্দ্ৰ ধৰি মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হ’ল ১৯১ টা।ইতিমধ্যে সকলো কাম-কাজ চক্ৰ বিষয়া লীনা পাওৰ নেতৃত্বত সুচাৰুৰূপে আৰম্ভ হৈছে। চক্ৰ বিষয়া গৰাকীয়ে সকলো ঠিকে থাকে চলাই নিবলৈ সকলোৰে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply