যোৰহাট : অনিমেষ ভূঞা হত্যাকাণ্ডৰ তদন্তৰ বুজ ল’লে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান।
যোৰহাটত উপস্থিত হৈ অনিমেষ ভূঞা হত্যাকাণ্ডৰ তদন্তৰ বুজ ল’লে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।

অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংৰ অনিমেষ ভূঞা হত্যাকাণ্ডক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। অনিমেষ ভূঞা হত্যাকাণ্ডৰ অভিযোগ নামা জানুৱাৰীৰ প্ৰথম সপ্তাহত দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

এখন কঠোৰ আৰু ভাল অভিযোগনামা দাখিল হ’ব বুলিও কয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে। যথেষ্ট সাক্ষী প্রমাণ আৰক্ষীয়ে লাভ কৰিছে বুলি মন্তব্য কৰে আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে। যোৰহাট জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰাৰো নিৰ্দেশ দিয়ে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

লগতে পঢ়ক : পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত ৮৩ টা পদত নিযুক্তি সৃষ্টি

যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বদলি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। অনিমেষ ভূঞা হত্যাকাণ্ডৰ তদন্ত সঠিক দিশত আগবাঢ়িছে বুলিও মন্তব্য কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply