গুৱাহাটীঃ ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশেষ মেট্ৰিক পৰীক্ষা। পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে অনুষ্ঠিত কৰিবলগীয়া বিশেষ মেট্ৰিক পৰীক্ষাৰ সূচী ঘোষণা কৰিছে ছেবাই।
ৰাজ্যত প্ৰায় ১৮ হাজাৰ শিক্ষাৰ্থীয়ে ফলাফলত অসন্তুষ্ট হৈ বিশেষ পৰীক্ষাৰ বাবে আবেদন জনাইছিল৷ অসন্তুষ্ট মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক পুনৰ এক সুযোগ দিয়াৰ বাবে ছেবাই অনুষ্ঠিত কৰিব বিশেষ পৰীক্ষা৷
১অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ চলিবলগীয়া পৰীক্ষা মুঠ ৬টা বিষয়ত অনুষ্ঠিত হ’ব৷
লগতে পঢ়কঃযোৰহাট কলিয়াপানীত চৰকাৰী আইন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন
১ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা। ৪ অক্টোবৰত অনুষ্ঠিত হ’ব গণিত বিষয়ৰ পৰীক্ষা। ৮ অক্টোবৰত অনুষ্ঠিত হ’ব বিজ্ঞান বিষয়ৰ পৰীক্ষা। ৯ অক্টোবৰত অনুষ্ঠিত হ’ব ঐচ্ছিত গণিত, ঐচ্ছিক অসমীয়া, সংস্কৃত, হিন্দী, পাৰ্ছিয়ান, আৰবীক, বুৰঞ্জী, ভূগোল, কম্পিউটাৰ বিজ্ঞান, হোম ছাইন্স আদি বিষয়ৰ পৰীক্ষা। আনহাতে ১১ অক্টোবৰত অনুষ্টিত হ’ব MIL বিষয়ৰ পৰীক্ষা।