মানকাচৰ : প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিক লৈ হাটশিঙিমাৰীস্থিত জিলা কৃষি বিভাগৰ কাৰ্যালয়ত জিলা প্ৰশাসন, কৃষি বিভাগ, বীমা কোম্পানী আৰু কৃষকৰ মাজত বিশেষ সভা। জিলাখনত ৬ সহস্ৰাধিক শালি ধানৰ ক্ষেতি কৰা কৃষকক বীমা কৰোৱাৰ প্ৰস্তুতি কৃষি বিভাগৰ। বানপানীকে ধৰি বিভিন্ন দূৰ্যোগৰ সময়ত শালি ধানৰ খেতি নষ্ট হৈ কৃষক সকল বিস্তৰ ক্ষতিৰ সম্মুখীন হৈ অহা বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে প্ৰধানমন্ত্ৰী বীমা যোজনা আঁচনিৰ দ্বাৰা কৃষক সকলক ক্ষতিপূৰণ দিয়াৰ উদ্দেশ্যে শালি ধানৰ খেতি কৰা কৃষকক ১ টকাত বীমাৰ ব্যৱস্থা গ্ৰহন কৰিছে।

শালি ধানৰ খেতি কৰা প্ৰতিজন কৃষকে প্ৰতি ১ হেক্টৰ অৰ্থাত প্ৰায় ৭ বিঘা ভূমিৰ বাবে বীমা কোম্পানীক মাত্ৰ ১ টকা জমা দি বীমা কৰাৰ সুবিধা প্ৰদান কৰিছে চৰকাৰে। চৰকাৰে প্ৰধানমন্ত্ৰী বীমা যোজনা আঁচনিৰ দ্বাৰা ১ টকাৰে বীমা কৰা কৃষকৰ বাকী প্ৰায় প্ৰতি হেক্টৰ শালি ধানৰ খেতিৰ বাবদ ১২০০ টকা চৰকাৰে বীমা কোম্পানীক বহন কৰিব। শালি ধানৰ খেতিৰ বাবে বীমা কৰা কৃষকৰ খেতি বানপানী বা আন কোনো দূৰ্যোগৰ সময়ত নষ্ট হ’লে বীমা কোম্পানীয়ে ১ হেক্টৰ খেতিৰ বাবদ ক্ষতিপূৰণ ৫৫ হেজাৰ টকা প্ৰযন্ত বহন কৰিব। ৰাজ্যৰ আন আন জিলাৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এইবাৰ প্ৰথমবাৰৰ বাবে এই বীমাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে।

লগতে পঢ়ক : ঈদ পালন নকৰিলে ৰঙিয়াৰ ততাৰকুছিৰ আচাৰ আলীৰ পৰিয়ালে

জিলাখনত এইবেলি ৬২০০ গৰাকী শালি ধানৰ খেতি কৰা কৃষকে এই বীমা কৰিবলৈ সুবিধা লাভ কৰিব। ইয়াক লৈ হাটশিঙিমাৰীস্থিত দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিভাগৰ কাৰ্যালয়ত জিলা কৃষি বিভাগে জিলা প্ৰশাসন, কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী, বীমা কোম্পানীৰ বিষয়া তথা কৃষক সকলক লৈ এখন বিশেষ সভা অনুষ্ঠিত কৰে। এই সভাত মুখ্য অতিথি হিচাপে জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাস উপস্থিত থকাৰ লগতে জিলা কৃষি বিষয়া মইনুল হক বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জিলাখনৰ কৃষক এই বীমাৰ সুবিধা ল’বলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply