গুৱাহাটী : হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ, মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই আজি এখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেল যোগে মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই যোৱা ৫ ডিচেম্বৰ তাৰিখে শোণিতপুৰ জিলাত অনুষ্ঠিত হৈ যোৱা মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক পৌৰসভা নিৰ্বাচনত মহিলাৰ বাবে আসন সংৰক্ষণৰ যি বিশেষ ঘোষণা কৰিছে তাৰ বাবে বিজেপি মহিলা মৰ্চাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়।

মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই উল্লেখ কৰে যে পৌৰসভা নিৰ্বাচনত যি সমূহ আসনত এগৰাকী মহিলা প্ৰাৰ্থী বিজয়ী হৈ আহিব পৰৱৰ্তী ১০ বছৰৰ বাবে সেই আসনসমূহ মহিলাৰ বাবে সংৰক্ষিত হৈ থাকিব৷ এনেদৰেই ৰাজনীতিত আৰু শাসন যন্ত্ৰত মহিলাৰ সক্ৰিয় অংশগ্ৰহণ সম্ভৱ কৰি তোলাৰ বাবে পোনপ্ৰথম বাৰৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক মহিলা মৰ্চাই আদৰণি জনাইছে৷ তাৰোপৰি এইবাৰ অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত দলক বিজয়ী কৰোৱাত মুখ্যমন্ত্ৰীয়ে মহিলা মৰ্চাক গুৰু দায়িত্ব প্ৰদান কৰাত সভানেত্ৰী গৰাকীয়ে মহিলা শক্তিৰ ওপৰত মুখ্যমন্ত্ৰীৰ বিশ্বাসৰ কথা উল্লেখ কৰি তেখেতক ধন্যবাদ জ্ঞাপন কৰে৷

ইতিমধ্যে অজন্তা নেওগক অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰীৰূপে দায়িত্ব অৰ্পণ কৰি নাৰী শক্তিক ৰাজনৈতিকভাৱে সৱলীকৰণৰ ক্ষেত্ৰত যে মুখ্যমন্ত্ৰীয়ে সঁচা অৰ্থত দায়বদ্ধ তাৰ প্ৰমাণ দিছে বুলিও কয় মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই। মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে কয় যে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মহিলা নেত্ৰীৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিছে৷ গতিকে আগন্তুক সময়ত অসমত নেতৃত্ব দিব পৰাকৈ নাৰীৰ ব্যক্তিত্ব বিকাশৰ বিশেষ গুৰু দায়িত্ব আহি পৰিব মহিলা মৰ্চাৰ ওপৰত৷ বৰ্তমান সময়ত এই চৰকাৰখনে উন্নয়ণমূলক কাম কাজ সমূহৰ ক্ষেত্ৰত নাৰী সৱলীকৰণৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰিছে বুলিও কয় মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই।

চৰকাৰী আঁচনিসমূহৰ ৭৫% আঁচনি মহিলা সৱলীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনি আৰু এইবাৰ মহিলা মৰ্চাই এই আঁচনি সমূহ তৃণমূল পৰ্যায়ত প্ৰকৃত অৰ্থত বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত পাৰ্যমানে পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সংবাদমেল যোগে উল্লেখ কৰে মহিলা মৰ্চাৰ সভানেত্ৰী গৰাকীয়ে৷ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই লগতে কয় যে আগন্তুক সময়ত আত্ম সহায়ক গোটবোৰৰ লগত যোগাযোগ ৰক্ষা কৰি এই গোটসমূহৰৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত মহিলা সকলক জড়িত কৰোৱাৰ দায়িত্ব মহিলা মৰ্চাই ল’ব৷ কনকলতা, ইন্দিৰা মিৰি, মাংৰী ওৰাং এই মহিয়সী নাৰী সমূহৰ নামেৰে বিভিন্ন চৰকাৰী আঁচনিৰ নামকৰণ কৰি তেওঁলোকক সৰ্বসাধাৰণ ৰাইজৰ মাজত সদা স্মৰণীয় কৰি ৰাখিব বিচৰা চৰকাৰৰ এই প্ৰয়াসকো ধন্যবাদ জনায় সভানেত্ৰী আঙুৰলতা ডেকাই৷

লগতে পঢ়ক : হোজাই জাতীয় বিদ্যালয়ৰ চৌহদত গাড়ীত অগ্নিসংযোগ

মহিলা মৰ্চাৰ আগন্তুক কৰ্মৰাজিৰ বিষয়ে মন্তব্য প্ৰদান কৰি আঙুৰলতা ডেকাই লগতে কয় যে আগন্তুক সময়ত মূলাগাভৰু সমৰ কলা প্ৰশিক্ষণৰ জৰিয়তে মহিলা মৰ্চাই নাৰীক শাৰীৰিক তথা মানসিক ভাৱে শক্তিশালী কৰি এখন সুস্থ সৱল সমাজ গঢ়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱাৰ কাৰ্যপন্থা গ্ৰহণ কৰিব৷ বৰ্তমান সময়ৰ পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নাৰীয়ে নিজৰ সুৰক্ষাৰ কথা নিজেই চিন্তা কৰিব লাগিব ৷ সেয়েহে এইবাৰ জিলাই জিলাই” বীৰাংগনা মূলাগাভৰু” শীৰ্ষক এক সমৰকলাৰ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিব৷ উক্ত সংবাদ মেলত মহিলা মৰ্চাৰ সম্পাদিকা আশা বৰদলৈও উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply