গুৱাহাটী – আজি অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন। স্বাধীনতাৰ অমৃত মহোৎসৱৰ বাবেই অনুষ্ঠিত হ’ব এদিনীয়া অধিৱেশন। বিয়লি ৩ বজাত আৰম্ভ হ’ব এই বিশেষ অধিবেশন। চাৰিঘণ্টীয়া এই অধিবেশনৰ সামৰণি পৰিব সন্ধিয়া ৭ বজাত।

অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশনখন আজি বিধানসভাৰ পুৰণি সদনতে অনুষ্ঠিত হ’ব। দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ বাবেই অসম বিধান সভাৰ এই বিশেষ অধিৱেশনৰ আয়োজন কৰা হৈছে।

অধিৱেশনত দেশৰ স্বাধীনতাৰ বিষয়ে আলোচনা হ’ব। বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য ৰাখিব। বৰ্তমানৰ ভাৰত আৰু আগৰ ভাৰতৰ ওপৰতো আলোচনা হ’ব বুলিও কয় বিশ্বজিৎ দৈমাৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply