নিউজ ডেস্ক : শিলচৰ আৰু মিজোৰামৰ ভইৰবি মাজত এই সপ্তাহৰ পৰা ট্ৰেইন চলাচল পুনৰ আৰম্ভ। উত্তৰ-পূব সীমান্ত ৰে’লৱেই এক বিজ্ঞপ্তি যোগে এই কথা নিশ্চিত কৰে।
শিলচৰ আৰু ভইৰবি ষ্টেশ্যনৰ মাজত সপ্তাহত দুবাৰকৈ উক্ত যাত্ৰীবাহী ট্ৰেইন চলাচল কৰিব। অহা ১০ তাৰিখৰ পৰা উক্ত সেৱা আৰম্ভ হ’ব বুলি উত্তৰ-পূব ৰে’লৱে জানিবলৈ দিছে।
বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি প্ৰতি মঙলবাৰে আৰু শুকুৰবাৰে আৱেলি ৪.৫৫ বজাত শিলচৰ ষ্টেশ্যনৰ পৰা ট্ৰেইনখনে এৰা দিব আৰু ৰাতি ৯ টা বজাত ভইৰবিত উপস্থিত হ’ব। একেদৰে ভইৰবিৰ পৰা প্ৰতি বুধবাৰ আৰু শনিবাৰে পুৱা ৫.৩০ বজাত আহি পুৱা ৯.২০ বজাত শিলচৰত উপস্থিত হ’ব।
লগতে পঢ়ক : কাৰ্বি শান্তি চুক্তিৰ দ্বাৰা কাৰ্বি আংলঙত ষষ্ঠ অনুসূচীক হত্যা কৰিলে: কেএফএ