আমিনগাঁও : সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাতো ১০ আৰু ১১ ডিচেম্বৰত বিশেষ টিকাকৰণ অভিযান চলোৱা হ’ব৷ বিশেষকৈ ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক ছিটা লোৱাৰ সময় হোৱা বা প্ৰথম পালি ক’ভিড টিকা লৈ দ্বিতীয় পালি ছিটা নোলোৱা অথবা লোৱাৰ সময় উকলি যোৱা ব্যক্তিসকলক এই অভিযানত সামৰি লোৱা হ’ব৷

এই অভিযানৰ বাবে কামৰূপ জিলাৰ স্বাস্থ্য কেন্দ্ৰসমূহকে ধৰি দুশৰো অধিক ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে৷ এই অভিযানৰ সময়ছোৱাত সকলো ব্যক্তিকে তেওঁলোকৰ নিকটৱৰ্তী কোভিড টিকাকৰণ কেন্দ্ৰলৈ গৈ দ্বিতীয় পালি টিকা ল’বলৈ কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা গোহাৰি জনোৱা হৈছে৷

লগতে পঢ়ক : আনন্দ মিশ্ৰ বাহিনীয়ে স্তব্ধ কৰিব পৰা নাই ড্ৰাগছৰ বেহা

উল্লেখযোগ্য যে এতিয়ালৈকে কামৰূপ জিলাত ১১,৬৮,৫৪৮ জন লোকক ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি আৰু ৭,১৮,৬৭৯ জনক দ্বিতীয় পালি ছিটা প্ৰদান কৰা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply