ৰংমন দাস
গুৱাহাটীত বানপানী হৈছে। সেইখবৰ দিবলৈ লোৱা নাই। সমগ্ৰ অসমতেই বানপানী হৈছে। ক’ৰবাত ভুমিস্খলন হৈ মানুহ মৰিছে, পানীয়ে জীৱন কাঢ়িছে। সেইবোৰ খবৰ দিবলৈ আজি আৰম্ভ কৰা নাই আমাৰ এই প্ৰতিবেদন।
বানপানীয়ে, বেয়া সময়বোৰে, মানুহৰ দুৰ্দশাই সৃষ্টি কৰা এখন পৃথক দুনীয়াৰ কথাৰে আৰম্ভ কৰিছো এই অনুষ্ঠান। এতিয়া মানুহৰ মনত, নেটিজেনৰ মাজত এখন যুঁজ চলি আছে। যুঁজ খনৰ বিষয় গুৱাহটীয়া বনাম নন-গুৱাহাটীয়া। গাওঁ ভাৰ্ছেছ চহৰ। কিম্বা কথাবোৰ Upper Assam বনাম Lower Assam লৈও গৈছে। ইয়াত বানপানী ফেক্টৰ হৈ থকা নাই। ইয়াত বানপানী এক সুবিধাৰ নাম হৈছে।
বাতৰিত আপুনি কি শুনে? এজাক বৰষুণতে উটি গ’ল গুৱাহাটীৰ আভিজাত্য। গুৱাহাটীৰ স্থায়ী বাসিন্দা নোহোৱা বহুতেই এই কথাত খুব তৃপ্তি পায়, খুব স্ফূৰ্তি পায় যে বানপানীত গুৱাহাটীবাসীৰ অৱস্থা বেয়া হৈ গৈছে৷ কিন্তু এই মহানগৰখনত কিনো আছে?
ইয়ালৈ মানুহ আভিজাত্যৰ বাবে নাহে। ইয়ালৈ মানুহ আহে পেটৰ তাড়নাত৷ তেতিয়াও আহিছিল, এতিয়াও আহে। হয়তো নৱী মুম্বাইৰ লেখীয়া এখন নতুন গুৱাহাটী, ৰঙিয়া অথবা সোণাপুৰৰ ফালে গঢ়ি নুঠা পৰ্যন্ত এই কদৰ্যময় বুলি মিম বনোৱা, পানীত ডুবি থকা So Called Metro বুলি আড্ডা জমোৱা গুৱাহাটীলৈ আহিয়েই থাকিব।
আপোনাৰ যিদৰে যোৰহাট, ডিব্ৰুগড় কিম্বা ধেমাজি, মোৰো কোকৰাঝাৰ, বৰমা কিম্বা বৰপেটাত কিবা এটা হ’লেও পৰিচয় আছে। যুগ যুগ ধৰি এখন মহানগৰৰ স্থায়ী বাসিন্দা হয়তো কোনোৱেই নহয়। গাওঁ এৰি এখন মহানগৰলৈ মানুহ প্ৰবজন কৰে এক ভাল জীৱনৰ সন্ধানত৷ ইয়াত অভিজাত মানুহ কেৱল এটা মিথ।
গুৱাহাটীৰ floating population ইয়াৰ আচল বাসিন্দাতকৈ বহুগুণ বেছি৷ এই মানুহবোৰৰ বেছিভাগেই নিজৰ গাওঁ চহৰ এৰি, নিজৰ পেটৰ তাগিদাত বা শিক্ষাৰ বাবেহে গুৱাহাটীত আছেহি৷ যিসকলে যিকোনো উৎসৱতেই নিজৰ ঘৰখনলৈ যাবলৈ বিচাৰে৷
গুৱাহাটীত যে বানপানীত মৃত্যু হয়, ভূমিস্খলনত যে মৃত্যু হয় সেই মানুহবোৰনো কোন? আপোনালোকে মিম বনোৱা ফটোবোৰৰ কাষে কাষে এবুকু পানী ভাঙি যে মানুহবোৰে লৰা ঢপৰা কৰি আছে সেই মানুহবোৰ নো কোন? জীৱন-মৃত্যুক সমূখত ৰাখি কামলৈ ওলাই অহা তেওঁলোক আভিজাত্যৰ ভেমত থকাসকল নহয়।
গুৱাহাটীয়ে কাক কি দিয়া নাই! সেই কাৰণেইতো সকলো গুৱাহাটীলৈ দৌৰি আহে। প্ৰতি বছৰে নতুনকৈ শত-সহস্ৰ লোকক গুৱাহাটীয়ে বুকুৰ আপোন কৰি লৈছে। গুৱাহাটীয়ে সপোন দেখুৱায়,জীৱিকাৰ পথ দেখুৱায়। অথচ বাৰিষাৰ দিন কেইটা আহিলেই গুৱাহাটীয়ে সহ্য কৰিব লগা হয় ঠাট্টা,বিদ্ৰুপ,ককৰ্থনা।
এই যে আমি গুৱাহাটীৰ বানপানীক লৈ মিম বনাইছো, গুৱাহাটীৰ ল’ৰাৰ লগত বিয়া হৈ পানীত নুডুবু বুলি বুলি ষ্টেটাছ লিখিছো, ধেমাজিত বানপানী হওঁতে হাঁহিছিলি নহয়, এতিয়া কেনে বুলি লিখি ছেডিষ্টিক প্লীজাৰ লৈছো, এয়া এদিনতে হোৱা স্বভাৱ বা মানসিক ক্ৰিয়া নহয়।
উজনি নামনি বুলি দুখন পৃথক অসম গঢ়ি দিছো আমিয়েই। আমিয়েই গঢ়ি দিছো, তহঁত বড়ো, তহঁত কাৰ্বি, তহঁত মুছলমান, তহঁত হিন্দু নামৰ বেলেগ বেলেগ দুনীয়া। এতিয়া ময়ো অসমীয়া, মোৰ মা অমুক মোৰ দেউতা অমুক বুলি হাত যোৰ কৰি কান্দিলেও আমাৰ হাতৰ শানিত অস্ত্ৰ থমকি নৰয়। আমি প্ৰশ্ন কাক কৰিব লাগিছিল? সমালোচনা কৰিব লাগিছিল কাক? সহায়ৰ এখনি হাত আগবঢ়াই দিয়াৰ পৰিৱৰ্তে আমি অমানুষিক ধেমালিৰ মীম তৈয়াৰ কৰিছো। পৈশাচিক আনন্দ লৈছো।
অকৃত্ৰিমভাৱে মানুহক ভাল পোৱা মানুহ এতিয়াও আছে, মানুহৰ বাবে ভাবিব পৰা মানুহো আছে, তেজৰ সম্পৰ্ক নোহোৱাকৈয়ো একেলগে পৰিয়ালৰ দৰে ইজনে-সিজনৰ সহায় হৈ মিলিজুলি থকা মানুহ আৰু লগতে আছে অচিনাকি জনকো বিপদৰ সময়ত সহায়ৰ হাতখন আগবঢ়াই দিব পৰা উদাৰ আৰু বহল মনৰ মানুহো আছে। গুৱাহাটীতো আছে। কেৱল সেইসকল আপুনি নহয়।