টীয়ক : টীয়কৰ মিনি ষ্টেডিয়ামত জৰীপ চলালে জিলা ক্ৰীড়া বিষয়াই। টীয়কৰ সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি মিনি ষ্টেডিয়ামখনক পূৰ্ণাংগ ৰূপ দিবলৈ চৰকাৰক বিভিন্ন সময়ত টীয়কৰ বিভিন্ন দল-সংগঠন তথা ৰাইজে দাবী জনাই আহিছে।

ৰাইজৰ দাবী তথা ক্ৰীড়া প্ৰকল্পটোৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ইতিমধ্যে বিধায়িকই এখন প্ৰপজেল অসম চৰকাৰৰ ক্ৰীড়া বিভাগক অৰ্পণ কৰিছে। আৰু তাৰ ফলস্বৰূপে যোৰহাট জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ বিভাগীয় কেইবাগৰাকী মুৰব্বী উপস্থিত হৈ টীয়ক ক্ৰীড়া সন্থাৰ সদস্যৰ সহযোগত ষ্টেডিয়ামখনৰ চৌদিশ জোখ মাখ কৰি জৰীপ চলায়।

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

লগতে অতি সোণকালে এই ষ্টেডিয়ামখনক পূৰ্ণাংগ ৰূপ দিবলৈ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply