গুৱাহাটী : ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। দুলীয়াজানৰ আৰক্ষী অধীক্ষক সন্মিলনত উপস্থিত থকা কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া আক্ৰান্ত হৈছে কোভিডত।আৰক্ষী অধীক্ষক।

সন্মিলনৰ পিছতে দুলীয়াজানতো বৃদ্ধি পাইছে সংক্ৰমণ।

অসম আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আক্ৰান্ত হৈছে কোভিডত। শেহতীয়াকৈ এ ডি জি পি হীৰেন নাথ কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে DIG সত্যৰাজ হাজৰিকা, এছ পি ৰাজেন সিং আক্ৰান্ত হৈছে কোৰোনাত।

ইফালে শদিয়াৰ এছ পি মোহনলাল মিনা, শোণিতপুৰৰ এছ পি ধনঞ্জয় পৰশুৰাম ঘানাৱট, গোৱালপাৰাৰ এছ পি ভি ভি ৰাকেশ ৰেড্ডীও আক্ৰান্ত হৈছে কোৰোনাত। ইয়াৰ লগতে কেইবাগৰাকীও অতিৰিক্ত আৰক্ষী অধীক্ষক আক্ৰান্ত হৈছে কোৰোনাত।

উল্লেখ্য যে, দুলীয়াজানৰ SP সন্মিলনত অংশ লৈছিল এইসকল বিষয়াই।

যোৰহাট কৃষি বিশ্ববিদ্যালয়তো উদ্বেগজনকভাৱে বাঢ়িছে সংক্ৰমণ। বিশ্ববিদ্যালয়খনৰ দুটা ছাত্ৰী নিবাসৰ মুঠ ৪৪ গৰাকী ছাত্ৰী কোভিড পজিটিভ ধৰা পৰিছে ।

গুৱাহাটী ছাই কেন্দ্ৰতো সঞ্চালক, এথলিটসহ কেইবাজনো আক্ৰান্ত কৰোনাত। ডিব্ৰুগড়তো কোভিডৰ ন’ডেল বিষয়াসহ আক্ৰান্ত কেইবাজনো। বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে ৯৮৮জন লোক।

লগতে পঢ়ক- আজিৰ পৰা আৰম্ভ কোভিডৰ সুৰক্ষামূলক পালি প্ৰতিষেধক প্ৰদান অভিযান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply