ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ এটা চাহপাত ফেক্টৰীৰ এগৰাকী মহিলা শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত বাগিচা অঞ্চলত কৰ্তব্যত অৱহেলা কৰাৰ বাবে বুধবাৰে জিলাখনৰ এজন জ্যেষ্ঠ ফেক্টৰী পৰিদৰ্শকক নিলম্বন কৰা হৈছে।

ৰাজ্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা জাৰি কৰা হৈছে নিৰ্দেশনা। শ্ৰম কল্যাণ বিভাগৰ প্ৰধান সচিবে জাৰি কৰা জাননীখনত কোৱা হৈছে যে জ্যেষ্ঠ কাৰখানা পৰিদৰ্শক দিনেশ চন্দ্ৰ ৰয়ে তেওঁৰ অধিকাৰক্ষেত্ৰৰ অধীনৰ চাহ বাগিচা অঞ্চলত তত্বাৱধান আৰু কৰ্তব্যক অৱহেলা কৰিছে।

তেওঁৰ কৰ্তব্যৰ অৱহেলাৰ ফলতে ১৯ জুলাইত লেপেটকাটা চাহবাগিচাৰ ফেক্টৰীত ২৪ বছৰীয়া মাইনা নায়ক নামৰ শ্ৰমিকগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। মইনা নায়কক প্ৰথমতে অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছিল কিন্তু পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল।

মইনা নায়কৰ এই দুৰ্ঘটনাৰ পিছতেই ডিব্ৰুগড় জিলা প্ৰশাসনে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply