গুৱাহাটী : মঙলবাৰে হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অসম আৰু মিজোৰাম সীমান্তত নিজৰ ৰাজ্যৰ সীমা ৰক্ষাৰ্থে দুৰ্বৃত্তৰ গুলীত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ ৬ গৰাকী বীৰ জোৱানৰ প্ৰতি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আহতসকলৰ শীঘ্ৰে আৰোগ্য হোৱাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ৰাজ্যিক সভাপতি ভাৱেশ কলিতাই। অনুষ্ঠানত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক উপ সভানেত্ৰী বিজুলী কলিতা মেধি, ৰাজ্যিক বিষয় ববীয়া সকলৰ লগতে দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে৷
লগতে পঢ়ক : ৰাজ্য চৰকাৰৰ নতুন SOP ত কি কি শিথিল কৰিলে
উল্লেখ্য যে সোমবাৰে কাছাৰ জিলাৰ লাইলাপুৰত দীর্ঘদিন ধৰি অসম-মিজোৰামৰ মাজত চলি থকা সীমা বিবাদ ভয়ংকৰ ৰূপ ধাৰণ কৰে। লাইলাপুৰত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত আক্ৰমণ চলায়। মিজো আৰক্ষীৰ গুলীত অসম আৰক্ষীৰ ৬ জনকৈ জোৱান শ্বহীদ হোৱাৰ লগতে প্ৰায় ৪২ গৰাকী জোৱান আহত হয়। ঘটনাত এজন স্থানীয় নাগৰিক নিহত হোৱাৰ লগতে বহু লোক আহত হয়।