গুৱাহাটী : ৰাজীৱ ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত সন্তোষ মোহন দেৱক শ্ৰদ্ধাঞ্জলি। অসম প্ৰদেশ কংগ্রেছ কমিটিৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সহযোগত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা এসময়ৰ বলিষ্ঠ কংগ্রেছ নেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত সন্তোষ মোহন দেৱৰ মৃত্যু তিথি উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনত দিনৰ ১২ বজাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শ্ৰদ্ধঞ্জলি অনুষ্ঠানত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰে প্ৰয়াত নেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লগতে পঢ়ক : সোণাৰিত খেতিয়কক সকাহ দিবলৈ উন্নত প্ৰজাতিৰ ধানৰ বীজ ৰোপন

অনুষ্ঠানত বিধায়ক ভৰত চন্দ্ৰ নৰহ, প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ বহু জেষ্ঠ নেতা-কৰ্মীয়ে প্ৰয়াত নেতা গৰাকীৰ প্ৰতিকৃতিত পুষ্পঞ্জলি অৰ্পণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply