নিউজ ডেস্ক : ৰাজ্যজুৰি নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্বৰ আক্ৰমণৰ বলি হৈ মৃত্যুৰ ওচৰত হাৰ মনা নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন।

ধেমাজিৰ মৰিধল কলেজৰ মেধাৱি ছাত্ৰী নন্দিতা শইকীয়াৰ সোঁৱৰনত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ কঠিয়াতলীত বন্তুি প্ৰজ্বলন কৰে তিৱা ছাত্ৰ সন্থা আৰু আছুৰ কঠিয়াতলী আঞ্চলিক সমিতিয়ে।

ঘাটকৰ দাৰ ঘাপত মৃত্যু হোৱা ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুৰ সমবেদনা ও শ্ৰদ্ধাঞ্জলি জনাই কঠিয়াতলীৰ ৰাজহুৱা মঞ্চৰ সন্মুখত বন্তুি প্ৰজ্বলন কৰাৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধাঞ্জলী জনোৱেৰ লগতে দোষীক উপযুক্ত শাস্তী দিয়াৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনায় তিৱা ছাত্ৰ সন্থা আৰু আছুৰ কৰ্মকর্তা সকলে।

লগতে পঢ়ক : অত্যাবশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ইফালে তেজপুৰত শোনিতপুৰ জিলা কবি সন্মিলনৰ লগতে তেজপুৰৰ বিভিন্ন দল-সংগঠনে তেজপুৰৰ কলাভূমি সন্মুখত নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে এক অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত বন্তি প্ৰজ্বলনৰ জৰিয়তে নন্দিতা শইকীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। নন্দিতা শইকীয়াৰ হত্যাকাৰী উচিত শাস্তি বিহাৰ দাবী জনায় সকলো দল-সংগঠনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply