নিউজ ডেস্কঃ ৪৪.৭৭ শতাংশ দেশবাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কামক লৈ সন্তুষ্ট। এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। IANS-CVoterৰ তৰফৰ পৰা কৰা সমীক্ষাত উল্লেখ কৰা হৈছে যে- ৩৭.৬৬ শতাংশ ভাৰতীয় নাগৰিক বহু বেছি সন্তুষ্ট বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাম কাজক লৈ আৰু ২৯.৯৪ শতাংশ লোক সন্তুষ্ট নহয়।

উক্ত সমীক্ষা অনুসৰি, দেশৰ আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ তালিকাত প্ৰথম স্থানত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজায়ন। তেওঁলোকৰ পাছতে এই তালিকাত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ নাম।

ইফালে, অসমৰ ৪৩ শতাংশ নাগৰিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজক লৈ বহু বেছি সন্তুষ্টি প্ৰকাশ কৰিছে। আনহাতে, কেৰালা আৰু তামিলনাডুৰ ৪১ শতাংশ নাগৰিকে নিজৰ নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাম-কাজক লৈ সন্তুষ্ট।

উল্লেখযোগ্য যে, IANS-CVoterৰ সমীক্ষাত প্ৰকাশ কৰা তথ্য মতে- ৪৫.৯২ শতাংশ দেশৰ নাগৰিক কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীৰ কাম কাজক লৈ অসন্তুষ্ট হোৱাৰ লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ কাম-কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৪৪.৪৪ শতাংশ ভাৰতীয় নাগৰিকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply