গুৱাহাটী– বুধবাৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ছট্টিশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ অনুসূচিত জনজাতিৰ শ্ৰেণীত কেইবাটাও জনজাতীয় সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। উল্লেখ্য, অসমতো ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে। কিন্তু বুধবাৰৰ কেন্দ্ৰীয় কেবিনেটে অসমৰ এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিবেচনা নকৰিলে।

যাৰ বাবে এতিয়া উক্ত ছয় গোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত সোচ্চাৰ হৈ পৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে ।নতুন দিল্লীত এক সংবাদমেল সম্বোধন কৰি এই বিষয়ত বিশদ বৰ্ণনাৰে কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কয়, “বছৰ বছৰ ধৰি অমীমাংসিত হৈ থকা ৫খন ৰাজ্যৰ জনজাতীয় সম্পৰ্কীয় বিভিন্ন বিষয়ত এই সিদ্ধান্ত লোৱা হৈছে ।

“উল্লেখ্য, তামিলনাডুত কেন্দ্ৰীয় কেবিনেটে সংবিধান (অনুসূচিত জনজাতি) আদেশ, ১৯৫০ সংশোধনৰ বাবে সংসদত এখন বিধেয়ক প্ৰৱৰ্তনৰ জৰিয়তে তামিলনাডু ৰাজ্যৰ সন্দৰ্ভত ‘কুৰিভিক্কৰণ’ সম্প্ৰদায়ৰ সৈতে ‘নাৰিকোৰাভান’ সম্প্ৰদায়ৰ অন্তৰ্ভুক্তিৰ বাবে জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আনহাতে, কৰ্ণাটকত কেবিনেটে ‘বেট্টা-কুৰুবা’ সম্প্ৰদায়ক ‘কাদু কুৰুবা’ৰ সমাৰ্থক হিচাপে জনজাতীয় মৰ্যাদা প্ৰদান কৰে । সংবিধান (অনুসূচিত জনজাতি) আদেশ, ১৯৫০ সংশোধনৰ বাবে সংসদত এখন বিধেয়ক প্ৰৱৰ্তনৰ জৰিয়তে কৰ্ণাটক ৰাজ্যৰ সন্দৰ্ভত এই সিদ্ধান্ত লোৱা হয়।

উল্লেখযোগ্য যে ছত্তিশগড়ৰ বিঞ্জিয়াকে ধৰি ১২ টা সম্প্ৰদায়ক একেটা অনুসূচিত জনজাতি আদেশ, ১৯৫০ৰ জৰিয়তে জনজাতীয় মৰ্যাদা প্ৰদান কৰা হৈছে। তদুপৰি, উত্তৰ প্ৰদেশৰ ভাদোহী (পূৰ্বৰ সন্ত ৰবিদাস নগৰ) জিলাত ইয়াৰ পাঁচটা উপ-জাতিৰ সৈতে ‘গণ্ড’সকলক উত্তৰ প্ৰদেশৰ অনুসূচিত জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই সিদ্ধান্তবোৰে উক্ত সম্প্ৰদায়বোৰৰ দীৰ্ঘদিনীয়া দাবীক ন্যায় প্ৰদানৰ লগতে তেওঁলোকৰ জীৱনত এক নতুন আশাৰ ৰেঙনি প্ৰদান কৰিছে ।এক গুৰুত্বপূৰ্ণ সিদ্ধান্তমৰ্মে কেন্দ্ৰীয় কেবিনেটে হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাৰ ট্ৰেন্স-গিৰি অঞ্চলক জনজাতীয় মৰ্যাদা প্ৰদান কৰে।

এই সিদ্ধান্তই ট্ৰেন্স-গিৰি অঞ্চলৰ চাৰিটা খণ্ডত হেট্টি সম্প্ৰদায়ক জনজাতিৰ অন্তৰ্ভুক্ত কৰিলে। উল্লেখ্য যে, হেট্টি হৈছে এক ঘনিষ্ঠ সম্প্ৰদায়, যিটো ‘হাট’ বুলি জনাজাত । তেওঁলোকে সৰু চহৰৰ বজাৰত ঘৰুৱা শস্য, পাচলি, মাংস আৰু ঊণ বিক্ৰী কৰি জীৱিকা উপাৰ্জন কৰে । হেট্টিৰ জনবসতি হিমাচল-উত্তৰাখণ্ড সীমান্তৰ যমুনাৰ উপনদী গিৰি আৰু টন নদীৰ অৱবাহিকাত বিস্তৃত অঞ্চলজুৰি আছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply