নিউজ ডেস্ক : ক’ভিড মুক্ত হ’ল ধিং এক্সপ্ৰেছ খ্যাত দৌৰ ৰাণী হিমা দাস। এসপ্তাহ ধৰি ক’ভিডত আক্ৰান্ত হৈ থকাৰ পিছত বৃহস্পতিবাৰে টুইটাৰযোগে হিমাই তেওঁৰ ক’ভিড টেষ্ট নিগেটিভ অহা বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এসপ্তাহ পূৰ্বে পাটিয়ালাৰ ৰাষ্ট্ৰীয় শিবিৰলৈ উভতি অহা পিছতে ২১ বছৰীয়া হিমা ক’ভিডত আক্ৰান্ত হৈছিল।

‘আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছো যে মোৰ ক’ভিড নিগেটিভ আহিছে। মৰমভৰা মেছেজবিলাকৰ বাবে সকলোকে ধন্যবাদ জনাইছো,’ হিমাই কয়।

২০১৮ চনত ফিনলেণ্ডৰ টেম্পেৰত অনুষ্ঠিত অনুৰ্ধ্ব-২০ বিশ্ব চেম্পিয়নশ্বিপত হিমা দাসে ৪০০ মিটাৰত স্বৰ্ণ জয় কৰি ইতিহাস ৰচিছিল।

ইয়াৰ উপৰি তেওঁ জাকাৰ্টাত অনুষ্ঠিত ২০১৮ চনৰ এছিয়ান গেমছত দুটা স্বৰ্ণ (মহিলাৰ ৪×৪০০ মিটাৰ, মিক্সড ৪×৪০০ মিটাৰ) আৰু ৰূপ (মহিলাৰ ৪০০ মিটাৰ) জিকিছিল।

অৱশ্যে সদ্য সমাপ্ত টকিঅ’ অলিম্পিকছৰ বাবে যোগ্যতা অৰ্জনত হিমা দাস ব্যৰ্থ হৈছিল।

লগতে পঢ়ক : শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ লগত নাম সাঙোৰ খাই পৰা অনন্যা পাণ্ডেলৈ এন চি বিৰ চমন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply