ৰূপহীহাট : কাঞ্চনপুৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ চি এছ পিৰ দুই কৰ্মচাৰী গ্ৰেপ্তাৰ। গুৱাহাটীৰ পৰা দুজন মিজো লোকক অপহৰণ কৰি ৰূপহীহাটৰ এক অজ্ঞাত স্থানত কেইবাদিনো ধৰি বন্দী কৰি ৰাখি অপহৰণকাৰী এটা দলে বুজন পৰিমাণৰ ধন মুক্তিৰ বিনিময়ত দাবী কৰি আহিছিল পৰিয়ালৰ লোকক।

গুৱাহাটীৰ মহানগৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত ৰূপহীহাট থানাৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাই থকাৰ উমান পাই দুই মিজো লোকক অপহৰণকাৰী দলটোৱে মুকলি কৰি দিয়ে।।অপহৰণ আৰু ধন দাবীৰ অভিযোগত মকছিদুল ইছলাম আৰু অভিলাষ চাকলাদাৰ নামৰ দুজন চি পি এছ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : ৰাজ্যত আৰু দুখন ভিষ্টাড’ম ৰেলসেৱা মুকলি

ধৃত দুইজনে অপহৃত দুই লোকৰ পৰিয়ালৰ পৰা উক্ত চি পি এছ একাউণ্টৰ জৰিয়তে চল্লিছ হাজাৰ টকা মুক্তিপণ হিচাপে আদায় কৰি লৈছিল। ৰূপহীহাট আৰক্ষীয়ে জনোৱা মতে দুই অপহৃত মিজো লোকৰ পৰা সৰ্বমুঠ দুই লাখ টকা আদায় লৈছিল অপহৰণকাৰী দলে আৰু এই কাণ্ডত জড়িত আৰু দুজন অপহৰণকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান বৰ্তমান অব্যাহত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply