নিউজ ডেস্কঃ উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে শিক্ষাৰ্থীয়ে সাজু হ’ব পৰাকৈ ৰাজ্যৰ শিক্ষা বিভাগে সাল-সলনি কৰিছে পৰীক্ষাৰ ব্যৱস্থা। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে শুক্ৰবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত পৰীক্ষা পে-চৰ্চা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অংশগ্ৰহণৰ পিছত তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে, এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষাৰ্থীয়ে বাধ্যতামূলক ভাৱে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হ’ব লাগিব। যদি কোনো শিক্ষাৰ্থীয়ে প্ৰথম বাৰত উত্তীৰ্ণ হ’ব নোৱাৰে তেতিয়া দুমাহৰ পিছত পুনৰ দ্বিতীয় বাৰৰ বাবে পৰীক্ষাত অৱৰ্তীণ হ’বলৈ দিয়া যাব । যদি দ্বিতীয় বাৰটো পৰীক্ষাত উৰ্ত্তীণ নহয় তেতিয়া একেটা শ্ৰেণীতে পুনৰ এবছৰ পঢ়িব লাগিব বুলি মন্ত্ৰী পেগুৱে জনাই।

লগতে তেওঁ কয় যে, ৰাজ্যৰ প্ৰতিখন শিক্ষা অনুষ্ঠানে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বৰ্ডৰ পৰীক্ষাত অৱতীৰ্ণ কৰোৱাৰ লগতে মেট্ৰিক পৰীক্ষাৰ আগত দশম শ্ৰেণীত টেষ্ট পৰীক্ষাৰ পাতিবৰ বাবে নিৰ্দেশনা দিয়া হৈছে।

ৰাজ্যৰ শিক্ষাৰ্থী সকলে ভৱিষ্যতে প্ৰতিযোগিতামূলক আৰু চাকৰি পৰীক্ষাৰ বাবে অৱতীৰ্ণ হ’ব পৰাকৈ ৰাজ্য়ৰ শিক্ষা বিভাগে গুৰুত্ব সহকাৰে লোৱাৰ লগতে পৰীক্ষাৰ দ্বাৰাহে উত্তীৰ্ণ কৰা ব্যৱস্থাটোক এক জনআন্দোলনৰ ৰূপ দিয়াৰ চেষ্টা কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখ্যযোগ্য যে, ৰাজ্যৰ শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে-চৰ্চা কাৰ্যসূচীত বহু ছাত্ৰ ছাত্ৰীৰ সৈতে শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকে। তাতে তেওঁ শিক্ষাৰ্থী সকলক পৰীক্ষাজনিত মূলক ভয়ৰ পৰা হতাশা, চিন্তা, চাপ দূৰ কৰি অত্মবিশ্বাস গঢ় দিবলৈ অনুপ্ৰেৰণা দিয়ে। উক্ত অনুষ্ঠানতেই মন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এঘাৰত ভাষাত লিখি উলিওৱা ‘একজাম ৱাৰিয়ৰ্ছ’ শীৰ্ষক কিতাপ খনো উন্মোচন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply