নিউজ ডেস্কঃ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে ৫০ বছৰ উৰ্ধৰ কয়দীসকলক কাৰাবাসৰ পৰা মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱ প্ৰসাদ মিশ্ৰই এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে।

নিৰ্দেশনাত কোৱা হৈছে যে- পঞ্চাশোৰ্দ্ধৰ মহিলা অভিযুক্ত, যি সকলে কাৰাবাসৰ নিৰ্দ্ধাৰিত সময়ৰ ৫০% পাৰ কৰিছে তেওঁলোকক মুকলি কৰি দিয়া হ’ব। লগতে পঞ্চাশোৰ্দ্ধৰ উভয়লিংগৰ কয়দী, ৬০বছৰৰ উৰ্দ্ধৰ পুৰুষ অভিযুক্তসকলৰ লগতে কাৰাবাসৰ নিৰ্দ্ধাৰিত সময়ৰ আধা সময় অতিবাহিত কৰা কয়দী সকলক কাৰাবাস ৰেহাই দিব ৰাজ্য চৰকাৰে।

আনহাতে, ৰোগীয়া, ৭০% বিশেষভাৱে সক্ষম কয়দী, ১৮-২১ বছৰৰ ভিতৰত কম বয়সত অপৰাধ কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে আন কোনো অপৰাধমূলক গোচৰ নথকা লগতে যিসকলে তেওঁলোকৰ শাস্তিৰ ম্যাদৰ ৫০% সম্পূৰ্ণ কৰিছে তেওঁলোকক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে।

আৰ্থিকভাৱে প্ৰভাৱিত দৰিদ্ৰ কয়দী, যিসকলে তেওঁলোকৰ মুঠ শাস্তিৰ দুই তৃতীয়াংশ সম্পূৰ্ণ কৰিছে কিন্তু জৰিমনা প্ৰত্যাহাৰ কৰি আৰোপ কৰা জৰিমনা পৰিশোধ নকৰাৰ বাবে এতিয়াও কাৰাগাৰত আছে তেনে কয়দী সকলক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে।

যিসকল কয়দীক মৃত্যুৰ শাস্তি বিহিছে তথা মৃত্যুৰ শাস্তিক যাৱজ্জীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰা হৈছে তেনে কয়দী সকলে এই ৰেহাই লাভ নকৰিব।  অভিযুক্ত যদি সন্ত্ৰাসবাদী , যৌতুক সম্পৰ্কীয় হত্যাকাৰী হয় তেনেহ’লে  তেনে কয়দীয়েও ৰেহাই নাপাব।

তদুপৰি, নকল টকা বনোৱাৰ অপৰাধত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪৮৯(এ ই) ধাৰাত গ্ৰেপ্তাৰ হোৱা , মানৱ সৰবৰাহকাৰী,ধৰ্ষণকাৰী, শিশু ধৰ্ষণকাৰী, কলা টকা, ড্ৰাগছ সম্পৰ্কীয় গোচৰত 1985 (NDPS) ৰ অধীনত গ্ৰেপ্তাৰ হোৱা,  কৰ সম্পৰ্কীয় গোচৰত কাৰাদণ্ড বিহা, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ লগত জড়িত, দুৰ্নীতি প্ৰতিৰোধী আইন,১৯৮৮ চনৰ অধীনত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলে লাভ নকৰিব এই সুবিধা।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply