নিউজ ডেস্কঃ অসমৰ ভৌগোলিক মানচিত্ৰত আজিৰে পৰা সংযোজন হ’ব অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰ।

ৰাজ্যৰ  কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, ওৰাং আৰু নামেৰী পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ লগতে নাম সংযোজন হ’ব ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ।

আজি ৰাইমনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিব ৰাজ্য চৰকাৰে।

লগতে পঢ়কঃমানকাচৰৰ ঝাউডাঙ্গাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিলে আৰক্ষীয়ে

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গান্ধী মণ্ডপত বৃক্ষৰোপণ কৰিলে মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই। ৰুদ্ৰাক্ষৰ গছপুলি ৰোপণ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মুখ্যমন্ত্ৰীয়ে জনাইছে যে, দিহিং পাটকাই অভয়াৰণ্যকো ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতিৰ বাবে প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে।
এতিয়াৰে পৰা ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৬খনলৈ বৃদ্ধি পালে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

 এই ৰাষ্ট্ৰীয় উদ্যানখন হিমালয়ৰ দক্ষিণ প্ৰান্তত আৰু মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ পশ্চিমাংশক সংলগ্ন কৰিছে ৷ বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ কোকৰাঝাৰ জিলাত আনুষ্ঠানিভাৱে মুকলি হ’ব এই ৰাষ্ট্ৰীয় উদ্যানখন ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply