নিউজ ডেস্ক: পোহৰৰ উৎসৱ দীপান্বিতাৰ দিনাখনে ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ প্ৰতি এক ভাল খবৰ। বিষয়া-কৰ্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই কথা ঘোষণা কৰে।

আজি টুইটাৰ যোগে এই কথা ঘোষণা কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰা হৈছে বুলি অৱগত কৰে।

২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ’ব বুলি উল্লেখ কৰি চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৰ্দ্ধিত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

তেওঁ কয়, ‘’আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰা হৈছে ৷ ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা এই বৃদ্ধি কাৰ্যকৰী হ’ব আৰু চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৃদ্ধি হোৱা মৰগীয়া বানচ লাভ কৰিব৷’’  

চৰকাৰৰ এই সিদ্ধান্তই পোহৰৰ উৎসৱৰ এই সময়খিনি অধিক আনন্দমধুৰ কৰি তুলিব বুলি আশা প্ৰকাশ কৰি তেওঁ ৰাজ্যবাসীক দীপান্বিতা তথা কালী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

লগতে পঢ়ক – কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,595 other subscribers

Leave a comment

Leave a Reply Cancel reply