নিউজ ডেস্কঃ অসম চৰকাৰৰ উদ্যোগত পুনৰ বুধবাৰে চাৰিটা বিভাগত ২১০ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পশুপালন আৰু পশু চিকিৎসা, মীন, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত নতুন প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।  

মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে, ৰাজ্য চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ আগে পাছে একেলগে একেদিনাই ৪০ হাজাৰক নিযুক্তি দিয়াৰ লক্ষ্য কৰা হৈছে ।

ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগটো ৰাজ্যৰ অৰ্থনীতি বিকাশৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ বুলি আখ্যা দি কয় যে, পশুপালন বিভাগত জঠৰতা আছে । জঠৰতাৰ পৰা বিভাগটোক ওলাই আহিবলৈ পৰামৰ্শ দি কয় যে, পশুপালন বিভাগে মানুহক আত্মনিৰ্ভৰশীল কৰোৱাব পাৰে কিন্তু জঠৰতা থকাৰ বাবে ই সম্ভপৰ হৈ উঠা নাই। লগতে, মন্ত্রী অতুল বৰাক বিভাগটোৰ জঠৰতা ভাঙিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

ইফালে মুখ্যমন্ত্ৰীয়ে গহপুৰৰ অঞ্জন শৰ্মা, অনুপ শৰ্মা আৰু অশোক শৰ্মাই মীন পালনৰ ক্ষেত্ৰত এক বিপ্লৱ সৃষ্টি কৰিছে বুলিও ৩২ জন নৱ নিযুক্ত মীন উন্নয়ন বিষয়াক উদ্দেশ্যি কৰি কয়।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰে বুধবাৰে নিযুক্তি প্ৰদান কৰি বৰ্তমানলৈকে মুঠ নিযুক্তি লাভ কৰাৰ সংখ্যা ৪১,৯২০লৈ বৃদ্ধি হ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply