গুৱাহাটী : সৰুসজাইত ৰাজ্যিক মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতা আৰম্ভ। অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত মঙলবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হ’ল প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিকচ্ প্ৰতিযোগিতা।
পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ১০০ বছৰ উৰ্ধ্বৰ ১৪ টা শাখাত খেলুৱৈসকলৰ বাবে মুকলি থকা প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩ শতাধিক এথলীটে অংশগ্ৰহন কৰিব। এই ৰাজ্যিক প্ৰতিযোগিতাৰ পৰা বাছনি হোৱা খেলুৱৈসকলে অহা ১৬-১৯ জুনত গুজৰাটৰ বদোদ্ৰাত ভাৰতীয় এথলেটিকচ্ ফেডাৰচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব।
লগতে পঢ়ক – লিডুত চাহ জনজাতি ছাত্ৰসন্থাৰ প্ৰতিবাদ
মঙলবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাৰ দুদিনীয়া কাৰ্যসূচীত সমূহ ক্ৰীড়াপ্ৰেমী দৰ্শকৰ উপস্থিতি অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সম্পাদক অশোক ভৰালীয়ে আন্তৰিকতাৰে কামনা কৰিছে। বুধবাৰে প্ৰতিযোগিতাখনৰ অন্তিম দিন।