গুৱাহাটী : মহানগৰী গুৱাহাটীৰ মাজ মজিয়াত থকা ঐতিহাসিক দীঘলীপুখুৰীত মাছ মৰিয়েই আছে। মাছৰ মৃত্যুৰ ফলত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে দীঘলীপুখুৰীত। মীন বিভাগ আৰু পৰ্যটন বিভাগৰ অৱহেলাৰ ফল মাছৰ কণী পৰা সময়ত দীঘলীপুখুৰীত মৃত্যুৰ মুখত পৰিছে কেইবা শতাধিক মাছ।
বৰ্তমান মাছৰ কণী পৰাৰ সময়। এই সময়ত মাছ মৰাটো সম্পূৰ্ণ নিষেধ। কণী থকা মাছ যাতে মৃত্যুৰ মুখত নপৰে আৰু মাছৰ বংশবৃদ্ধি হয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ছোৱাত মাছ মৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে মীন বিভাগে। কিন্ত এতিয়া এই মীন বিভাগৰ অৱহেলাৰ ফলত ঐতিহাসিক দীঘলীপুখুৰীত মৃত্যুৰ মুখত পৰিছে কেইবা শতাধিক কণী থকা মাছ। দীঘলীপুখুৰীৰ পানী প্ৰদূষিত হোৱা আৰু পানীত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে এইদৰে মৃত্যুৰ মুখত পৰি জাকে জাকে মাছ।
প্ৰায় ৫-৬ বছৰ পূৰ্বে মীন বিভাগে দীঘলীপুখুৰীত মাছৰ পোনে এৰিছিল যদিও পুখুৰীখনত মাছ ধৰা নাছিল মীন বিভাগ। ফলত দীঘলীপুখুৰীত মাছৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাত মাছৰ ঠাইৰ অভাৱ হৈছে পুখুৰীখনত। ইয়াৰ পৰিনাম স্বৰূপে বিগত তিনিদিন ধৰি দীঘলীপুখুৰীত এইদৰে জাকে জাকে মাছ মৃত্যুৰ মুখত পৰি আছে।
ইফালে ক’ভিড মহামাৰীৰ ফলত বিগত কেইবামাহ ধৰি বন্ধ হৈ আছে দীঘলীপুখুৰী। ৰাজ্যৰ পৰ্যটন বিভাগে দীঘলীপুখুৰী পৰিচালনা দ্বায়িত্ব প্ৰদান কৰা প্ৰতিষ্ঠানটোৱে বন্ধৰ এই সময়খিনিত কোনো ধৰণৰ উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই গতিকে প্ৰতিষ্ঠানটোৱে পুখুৰীখন পৰিষ্কাৰ কৰি ৰখাৰ প্ৰয়োজন নাই বুলি ধাৰণা কৰিছে।
লগতে পঢ়ক : সোণাৰিত ষ্ট্ৰীট লাইটৰ বেটাৰী চুৰ কৰি ৰঙাঘৰলৈ দুই যুৱক
পুখুৰীখনৰ চাৰিওফাল আৱৰ্জনাৰে ভৰি পৰিছে। মাছৰ অস্বাভাৱিক মৃত্যুৰ পিছত দীঘলীপুখুৰী পৰিচালনাৰ দায়িত্বত থকা দুই-এজন লোক ব্যস্ত হৈ পৰে পুখুৰী পৰিষ্কাৰ কৰাত। ইফালে প্ৰসাদনৰ লোকে দীঘলীপুখুৰীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও মাছ মৃত্যুৰ মুখত পৰিয়েই আছে। ফলত এক দুৰ্গন্ধমায় পৰিৱেশৰ সৃষ্টি হৈছে দীঘলীপুখুৰীত।