বুধবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অসম বিধান সভাৰ কৰ্তন প্ৰস্তাৱৰ বিতৰ্কত নিজৰ বক্তব্য ৰাখি চৰকাৰক অসমৰ কৃষি উৎপাদন বৃদ্ধিৰ বাবে ব্যৱস্থা ল’বলৈ দাবী জনায়।

বিধায়ক অখিল গগৈয়ে কয় যে,  বিজেপিৰ ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি আছিল ২০২৫ চনৰ ভিতৰত তেওঁলোকে অসমৰ প্ৰত্যেকখন খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব, কিন্তু এতিয়া চৰকাৰৰ Livelihood Mission এ কৈছে যে আচলতে অসমৰ ৫. ৪% মাটিতহে জলসিঞ্চন হৈছে। তাৰ বিপৰীতে পঞ্জাৱত ৯৭.০৩% মাটিত ইতিমধ্যে জলসিঞ্চনৰ ব্যৱস্থা হৈছে।

দ্বিতীয়তে তেওঁ পুনৰ কয় বিজেপিয়ে ভিজন ডকুমেণ্টত প্ৰতিশ্ৰুতি দিছিল যে ৬৩ বছৰ হোৱাৰ লগে লগে এজন কৃষকক পেঞ্চন দিয়া হ’ব, কিন্তু খেতিয়কৰ বাবে এতিয়াও পেঞ্চনৰ কোনো ব্যৱস্থা কৰা হোৱা নাই।

২০২১ চনত বৰ্তমানৰ চৰকাৰখনে কৈছিল যে ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ অধীনৰ যি ধন দিয়ে তাৰ সৈতে অসম চৰকাৰে প্ৰত্যেক জন কৃষকলৈ অতিৰিক্ত ২০০০ টকা আগবঢ়াব। কিন্তু তাতো বিজেপি সফল নহ’ল।

বিধায়ক অখিল গগৈয়ে কয় স্বাধীনতাৰ পাছত আমাৰ অসমত ৪ টা খণ্ডত কৃষিৰ উৎপাদন বৃদ্ধি হৈছে। এটা হ’ল ক্ষুদ্ৰ চাহ খেতি।  ইয়াত চৰকাৰৰ কোনো ভূমিকা নাই, বৰং এনেকুৱা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কে পাত পেলাই দিব লগা অৱস্হা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ উচিত দাম পোৱা নাই। সেয়ে বিধায়ক গৰাকীয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চাহপাতৰ উচিত মূল্য পোৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।

দ্বিতীয়তে উৎপাদন বৃদ্ধি হৈছে গোৱালপাৰা আৰু বঙাইগাঁও জিলাত ৰবৰৰ খেতিৰ। তৃতীয়তে অসমৰ অন্যতম মূল উৎপাদন হ’ল শাক পাচলি। কিন্তু তেওঁ কয় যি সকলে শাক পাচলি উৎপাদন কৰে সেই সকলক চৰকাৰে সহ্য কৰিব নোৱাৰে। চতুৰ্থতে মাছৰ উৎপাদন হয়। বিধায়ক গৰাকীয়ে কয় অসমৰ যদি সঁচাকৈ কৃষি ক্ষেত্ৰত উন্নতি হৈছে সেয়া হৈছে মাছৰ ক্ষেত্ৰত, য’ত ভাৰতৰ ভিতৰত মাছৰ উৎপাদনৰ ক্ষেত্ৰত অসম ১২ নম্বৰ স্থানত আছে।  কিন্তু তাতো চৰকাৰৰ  বিশেষ ভূমিকা নাই, কাৰণ মৎস্য উৎপাদক সকলৰ লগতো চৰকাৰৰ মতবিৰোধ হয়।

বিধায়ক গৰাকীয়ে কয় যে এনে দ্বন্দ সমূহ চৰকাৰে যেতিয়ালৈকে আঁতৰ কৰিব নোৱাৰিব, তেতিয়ালৈকে চৰকাৰখনে কৃষি ক্ষেত্ৰৰ উৎপাদন বৃদ্ধি কৰাটো সম্ভৱ নহ’ব।

আনহাতে, পাঞ্জাৱৰ মাটিকালি ৫০০০০ বৰ্গ কিলোমিটাৰ মাটিৰ খেতি হয় ৭৮ লাখ ৩৮ হাজাৰ হেক্টৰত। আনহাতে, অসমৰ মাটিকালি  ৭৮০০০ বৰ্গ কিলোমিটাৰত খেতি হয় ৪০,০০০ হেক্টৰ মাটিত। কৃষি কাৰ্যৰ ঘনত্বৰ ক্ষেত্ৰত পশ্চিম বংগত ১৯২.০৪ %, পঞ্জাৱৰ ১৮৯.০৯ % হোৱাৰ বিপৰীতে অসমৰ ১৪৭.০৩% হে। অসমত কৃষিকাৰ্য্য ঘনত্ব একেবাৰে নাই বুলি তেখেতে উল্লেখ কৰিছে।

তেওঁ উল্লেখ কৰে যে ধানৰ উৎপাদনৰ ক্ষেত্ৰতো অসমৰ অৱস্থা অতি বেয়া। মাংস উৎপাদনৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে ১৭ নং স্থানত, গাখীৰ উৎপাদনত ভাৰতবৰ্ষৰ ভিতৰত ২১ নং স্থানত, কণী উৎপাদনত ১৮ নং স্থানত, মাছ উৎপাদনত ১২ নং স্থানত, cold storage capacity ৰ ক্ষেত্ৰত ১৮ নং স্থানত আছে।

বিধায়ক অখিল গগৈয়ে কয় সকলো ক্ষেত্ৰতে আমাৰ অৱস্থা বেয়া, কিন্তু চৰকাৰে এইবোৰৰ উন্নয়ন কৰিবলৈ যি সমূহ ব্যৱস্থা ল’ব লাগে সেই সমূহ ব্যৱস্থা হাতত লোৱা নাই। কেৱল জাতি আৰু ধৰ্মৰ নামত ৰাজনীতি কৰি আছে। গতিকে তেখেতে চৰকাৰক এই মুহূৰ্তত দাবী জনাইছে যে চৰকাৰে কৃষিকাৰ্যৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত মনোনিবেশ কৰিব লাগে। আৰু চৰকাৰখনে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে আগবাঢ়ি আহিব লাগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply