বিয়লী ভাগত অহা এজাক ধুমুহাই জোকাৰি গ’ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত।খন্তেকৰ ভিতৰতে ধুমুহাই তচনচ কৰি পেলালে অঞ্চলসমূহক। প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতি সাধন।উৰুৱাই নিলে ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ চালি, ভাগি চুৰমাৰ হ’ল ৰাজপথৰ বাহনো।

আজি বিয়লি অহা এজাক প্ৰচণ্ড ধুমুহা বা মাৰলীয়ে কঁপাই গল শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল।বিস্তৰ ক্ষতিৰ বাতৰি আহিছে। হতাহত হোৱা নাই কোনো ব্যক্তি।


আনহাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহা বৰষুণে চৰাইদেউ জিলাৰ মথুৰাপুৰ,টেঙাপুখুৰী আৰু লাকুৱা আদি ধুমুহাই তাণ্ডৱ সৃষ্টি কৰে ৷

সন্ধিয়া প্ৰায় ৬ বজাত অহা ধুমুহাজাকে ঠায়েঠায়ে গছ-গছনি ভাগি বাট পথ বন্ধ হৈ পৰে ৷ ধুমুহাৰ ফলত বহু লোকৰ গোহালি,ভঁৰাল লগতে ঘৰৰ টিনপাট ধুমুহাই উৰুৱাই নিয়ে ৷ অৱেশ্যে এই ধুমুহাত ফলত সৃষ্টি হোৱা ক্ষয়ক্ষতি পৰিমান জানিব পৰা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply