হোজাই : যমুনামুখৰ বিধায়ক চিৰাজউদ্দিন আজমলৰ পদপথত পুথিভঁৰাল। ছাত্ৰ-ছাত্ৰীৰ লগতে যুৱ প্ৰজন্মক কিতাপৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যমুনামুখৰ বিধায়ক গৰাকীয়ে পদপথত মুকলি কৰিছে পুথিভঁৰাল।

যি সময়ত যুৱ প্ৰজন্মই মোবাইল ফোনত ব্যস্ত হৈ থাকি কিতাপ পঢ়াৰ কথা পাহৰি গৈছে সেই সময়তে যুৱ প্ৰজন্মৰ কিতাপৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰাৰ উদ্দেশ্যে বদৰউদ্দিন আজমলৰ ভাতৃ তথা যমুনামুখৰ বিধায়ক চিৰাজউদ্দিন আজমলে মুকলি কৰিছে পদপথৰ পুথিভঁৰাল। নিজ সমষ্টিত ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মৰ বাবে বিধায়ক গৰাকীয়ে মুকলি কৰিছে পদপথৰ পুথিভঁৰাল।

বাছ ষ্টেণ্ডেই হওঁক কিম্বা ৰাজহুৱা স্থানতেই হওঁক, যমুনামুখৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে কেইবাটাও পুথিভঁৰাল স্থাপন কৰিছে বিধায়ক গৰাকীয়ে৷ যাতে সাধাৰন লোকে যতে ততে বহি কিতাপ পঢ়িব পাৰে৷ বৃহস্পতিবাৰে নীলবাগান ফুড প্লেচ ৰেষ্টুৰেন্টৰ কাষতে থকা এটি পুথিভঁৰালত ইংৰাজী মাধ্যমৰ বহু কিতাপ দান কৰে এআইইউডিএফ প্ৰধান বদৰউদ্দিন আজমলে৷ এই উপলক্ষে এটি সৰু অনুষ্ঠানৰো আয়োজন কৰা হয়।

লগতে পঢ়ক : মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক

উক্ত অনুষ্ঠানত বদৰউদ্দিন আজমলে নিজৰ ভাষণ প্ৰসংগত কয় যে বৰ্তমানৰ ডিজিটেল যুগত যুৱপ্ৰজন্মৰ কিতাপৰ প্ৰতি আকৰ্ষণ একেবাৰে কমি গৈছে৷ প্ৰায় সংখ্যক যুৱক-যুৱতীয়ে এতিয়া মোবাইল ফোন লৈ ব্যস্ত হৈ পৰিছে৷ তেনে সময়তে আজমল পৰিয়ালে কিতাপ পঢ়াৰ প্ৰতি সকলোৰে আকৰ্ষণ বৃদ্ধি কৰিবলৈ এনে এটা প্ৰচেষ্ট আৰম্ভ কৰিছে৷ প্ৰাৰম্ভিক অৱস্থাত তেওঁলোকে যমুনামুখ সমষ্টিত এই প্ৰচেষ্টা আৰম্ভ কৰিছে যদিও ভৱিষ়্যতে সমগ্ৰ অসমতে ইয়াৰ প্ৰসাৰ কৰা হ’ব বুলিও কয় বদৰউদ্দিন আজমলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply